অসম

assam

ETV Bharat / state

33তম মৃত্যু বাৰ্ষিকীত বড়ো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক স্মৰণ ভিন্ন দল-সংগঠনৰ - first martyr of bodoland movment

শুকুৰবাৰে বড়ো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ ৩৩তম মৃত্যু বাৰ্ষিকীত,ভাটিপৰাস্থিত তেওঁৰ শ্বহীদ বেদীত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাকে ধৰি কেবাগৰাকীও ৰাজনৈতিক নেতাই ৷

sujit narzary the first martyr of bodoland movment remembered on his 33rd death anniversary in kokrajhar
sujit narzary the first martyr of bodoland movment remembered on his 33rd death anniversary in kokrajhar

By

Published : Jun 12, 2020, 3:24 PM IST

কোকৰাঝাৰ, 12 জুনঃ 1987 চনৰ 12 জুনত দু্স্কৃতিকাৰীৰ শিলাবৰ্ষনত শ্বহীদ হৈছিল বড়ো আন্দোলনৰ প্ৰথমগৰাকী যোদ্ধা ৷ গুৱাহাটীত অনুষ্ঠিত বড়োলেণ্ড দাবীৰ এক ৰেলীত অংশগ্ৰহণ কৰি নিজ গৃহ অভিমুখে আহি থকা অৱস্থাতে,দু্স্কৃতিকাৰীৰ শিলাবৰ্ষণত শ্বহীদ হৈছিল সুজিত নাৰ্জাৰী ৷ এই ঘটনাৰ পৰৱৰ্তী সময়ৰ পৰাই 12 জুনৰ দিনটোত বড়োলেণ্ড আন্দোলনৰ এইগৰাকী শ্বহীদ যোদ্ধাক স্মৰণ কৰি আহিছে বড়ো লোকসকলে ৷

33তম মৃত্যুবাৰ্ষিকীত বড়ো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক স্মৰণ ভিন্ন দল-সংগঠনৰ

শুকুৰবাৰে শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুৰ দিনটোত শ্বহীদ গৰাকীৰ স্মৰণত ভাটিপৰাত থকা তেওঁৰ শ্বহীদ বেদীত উপস্থিত হৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই ৷ কোকৰাঝাৰত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন উপ-প্ৰধান খামফা বৰগয়াৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম,নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক দ্বীপেন বড়ো,লোৰেন্স ইছলাৰীকে ধৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেবাগৰাকীও কৰ্মকৰ্তা ৷

বড়ো আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক স্মৰণ ভিন্ন দল-সংগঠনৰ

লগতে পঢ়কঃমিছামাৰীত বন বিষয়াৰ তৎপৰতাত সুস্থ হৈ উঠিল এজনী হাতী

ABOUT THE AUTHOR

...view details