অসম

assam

ETV Bharat / state

সফল সামৰণি কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ - বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো

অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিভিন্ন দেশৰ নানা ভাষা-ভাষী কবি, সাহিত্যিকৰ ছন্দময় কবিতাৰ শব্দৰে মুখৰিত হৈ পৰিছিল বিটিআৰৰ সদৰ কোকৰাঝাৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ বাকৰি । তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনটোত উৎসৱথলীৰ গাতে লাগি থকা শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম স্মৃতিসৌধত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসো পালন কৰা হয় ।

BTR
সফল সামৰণি কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ

By

Published : Nov 17, 2021, 2:19 PM IST

কোকৰাঝাৰ, ১৭ নৱেম্বৰ :কোকৰাঝাৰ চহৰৰ গৌৰং নৈ’ৰ পাৰৰ চান্দামাৰী বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত কৰা হৈছিল কোকৰাঝাৰ সাহিত্য মহোৎসৱ (Kokrajhar Sahitya Mahotsav) । তিনিদিনধৰি চলা এই মহোৎসৱৰ মঙলবাৰে সফল সমাপ্তি ঘটে । উল্লেখ্য যে, বিটিআৰ (BTR) চৰকাৰৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আয়োজিত হোৱা কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত দেশ-বিদেশৰ কবিসকলে কবিতা পাঠ কৰে ।

ইফালে ১০০টা ভাষাৰ কবি সন্মিলনৰ লগতে সামৰণিৰ দিনটোত উৎসৱথলীৰ গাতে লাগি থকা শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম স্মৃতিসৌধত বড়ো (থুলনাই ছান) সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসো পালন কৰা হয় । বড়ো সাহিত্য সভাৰ (Bodo Sahitya Sabha) প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে ।

সফল সামৰণি কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ

শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ আৰু সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ (Pramod Bodo) লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো, ডাঃ নিলুৎ স্বৰ্গীয়াৰী, এৱছু আৰু বড়ো সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে ৷ অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই বড়ো সাহিত্য সভাই ৭০ বছৰ দীঘলীয়া যাত্ৰাত সহযোগ কৰা এবছুকে ধৰি সযোগী সকলো সংগঠন আৰু বিটিআৰ চৰকাৰৰ শলাগ লয় ৷

কোকৰাঝাৰত আৰম্ভ হোৱা সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি পালন কৰা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসক লৈ যথেষ্ট আনন্দিত বুলি প্ৰকাশ কৰে সভাপতি গৰাকীয়ে । লগতে বড়ো সাহিত্য সভাই অসম সাহিত্য সভাকে ধৰি সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ সৈতে সম্পৰ্ক ৰক্ষাৰে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

বড়ো সাহিত্য সভাই সাহিত্য সৃষ্টিৰ এই অবিৰত যাত্ৰাত বড়ো ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদত স্বীকৃতি পোৱা আৰু ৰাজ্য চৰকাৰৰ সহযোগী ভাষাৰ মান্যতা প্ৰদানে শ্বহীদসকলৰ অৱদান অটুট থকা বুলি দোঁহাৰি ভাষাৰ হকে আত্মবলিদান দিয়া সকলো শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

একেদৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বড়ো সাহিত্য সভা বড়ো জনগোষ্ঠীৰ বাবে সৰ্বোচ্চ জাতীয় সংগঠনে নহয় জনগোষ্ঠীৰ ভাষা সাহিত্যৰ উত্তৰণত এক অভিভাৱকৰ দৰে অৱদান আগবঢ়োৱা বুলি উল্লেখ কৰে ৷ ইফালে অনুষ্ঠানৰ অন্তিম দিনা কোকৰাঝাৰ কবি-সাহিত্য মহোৎসৱলৈ অহা দেশ বিদেশৰ কবি আৰু কোকৰাঝাৰৰ ভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ কবি সকলৰ সাক্ষাৎ পাই তেওঁ আনন্দিত বুলি উল্লেখ কৰে মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক :Martyr Suman Swargiary ৰ সমাধিৰ কাষত ৰৈ আলফা(স্বা)ক আলোচনাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details