কোকৰাঝাৰ, 13 জুনঃ কোকৰাঝাৰত শাক-পাচলি খেতি কৰি স্বাৱলম্বীতাৰ আদৰ্শ দাঙি ধৰিলে ছয়জন শিক্ষিত যুৱকে ৷ ইতিমধ্যে বহু পাচলি ব্যৱসায়ীসকলে যুৱক কেইজনৰ পৰা ক্ৰয় কৰিবলৈ সক্ষম হৈছে বিভিন্ন শাক- পাচলি ৷
বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতেই স্বাৱলম্বিতাৰ এক অন্যতম নিদৰ্শন দাঙি ধৰিছে কোকৰাঝাৰ চহৰৰ অন্তৰ্গত চন্দ্ৰপাৰা বিজুলিবাৰী গাঁৱৰ শিক্ষিত ছয়জন যুৱকে ৷ লক ডাউনৰ সময়ছোৱাতে বিজুলীবাৰী গাঁৱৰ গনক ৰায়,ধৰ্মজিৎ ৰায়,ৰাতুল ৰায়,হেমেন ৰায়,চানু ৰায় আৰু ৰাজেশ্বৰ ৰায়ে উক্ত গাঁও খনৰ শুভকাংখীৰ পৰা পৰিত্যক্ত পাচঁ বিঘাকৈ মাটিত জৈৱিক সাৰ প্ৰয়োগ কৰি জিকা,ভোল,লেছেৰা,কেৰেলা,পানী লাউ,জলকীয়া আৰু তিয়ঁহৰ খেতি কৰে ৷ দুই /তিনিমাহতেই যুৱক কেইজনৰ নেৰানেপেৰা প্ৰচেষ্টাত লহপহকৈ বাঢ়ি আহে পাচলিৰ খেতি সমুহ ৷