অসম

assam

ETV Bharat / state

শ্ৰীৰামপুৰ হাইস্কুলৰ পকী বেৰ নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি, নিৰ্মান সম্পূৰ্ণ নৌহওঁতেই পকী দেৱালত ফাঁট

নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ পূৰ্বেই পকী দেৱালখনৰ ঠায়ে ঠায়ে ফাট পিচে নীৰৱ স্কুল কৰ্তৃপক্ষ

By

Published : Mar 12, 2019, 11:43 PM IST

IMAGE 7

কোকৰাঝাৰ, ১২ মাৰ্চ: কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰস্থিত হাইস্কুলৰ চাৰি সীমাৰ বেৰ পকী দেৱালৰ নিৰ্মাণত ব্যাপক অনিয়ম । তথ্য অনুসৰি বিটিচি চৰকাৰে শ্ৰীৰামপুৰ হাইস্কুলৰ পকী নিৰ্মাণৰ বাবে 40 লাখ টকা মঞ্জুৰী দিয়াৰ পিছতো পকী দেৱালৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দূৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে ।

VIDEO

অভিযোগ অনুসৰি বিভাগীয় নীতি নিয়মক উলংঘা কৰি নিম্ন মানৰ সা-সঁজুলি ব্যৱহাৰ কৰি কোনোমতে নিৰ্মাণ সম্পন্ন কৰি ধন আত্মসাৎ কৰাৰ বুদ্ধি কৰিছে ঠিকাদাৰজনে । ৰাইজৰ অভিযোগ যে দেৱালৰ গাঁঠনিৰ কামত অতি নিম্ন মানৰ চিমেন্ট বালি,ইটা আৰু ৰ'ড ব্যৱহাৰ কৰা হৈছে । উল্লেখ্য যে নিম্নমানৰ বালি শিল ব্যৱহাৰ কৰি চিমেন্টৰ অনুপাত সঠিক নোহোৱাৰ ফলত নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহোৱাৰ পূৰ্বেই পকী দেৱালখনৰ ঠায়ে ঠায়ে ফাট মেলিছে ।
এনেকৈ দেৱালৰ ফাট দেখা দিয়াত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

...view details