গোসাইগাঁও,16 জুন: এন আৰ চিৰ তথ্য যোগানৰ বাবদ শ্ৰীৰামপুৰত গাঁওবুঢ়াৰ লুণ্ঠন ৷ তদন্তৰ দাবী ৰাইজৰ ৷
শ্ৰীৰামপুৰত এন আৰ চিৰ তথ্য যোগানৰ নামত গাঁওবুঢ়াৰ লুণ্ঠন - এন আৰ চি
শিলচৰৰ উজ্জ্বলা বৰ্মন নামৰ এগৰাকী মহিলাই তেখেতৰ স্বামীৰ এন আৰ চিৰ তথ্য বিচাৰি শ্ৰীৰামপুৰৰ গাঁওবুঢ়া জ্যোতি প্ৰকাশ তালুকদাৰ ওৰফে মাণিক তালুকদাৰৰ ওচৰত অহাৰ পাচত লাগতিয়াল তথ্য দিবলৈ প্ৰথমে তেওঁ অমান্তি হয় ৷ পিচত মহিলাগৰাকীৰ অনুৰোধ ক্ৰমে তেওঁ ১০,০০০ টকাৰ বাবদ তথ্য দিবলৈ ৰাজী হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তিনি হাজাৰ টকা আদায় দি এই গাঁওবুঢ়াজনৰ পৰা মাটিৰ তথ্য লৈছিল বুলি জনায় মহিলাগৰাকীয়ে ।
শিলচৰৰ উজ্জ্বলা বৰ্মন নামৰ এগৰাকী মহিলাই তেখেতৰ স্বামীৰ এন আৰ চিৰ তথ্য বিচাৰি শ্ৰীৰামপুৰৰ গাঁওবুঢ়া জ্যোতি প্ৰকাশ তালুকদাৰ ওৰফে মাণিক তালুকদাৰৰ ওচৰত অহাৰ পাচত লাগতিয়াল তথ্য দিবলৈ প্ৰথমে তেওঁ অমান্তি হয় যদিও মহিলাগৰাকীৰ অনুৰোধ ক্ৰমে তেওঁ ১০,০০০ টকাৰ বাবদ তথ্য দিবলৈ ৰাজী হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও তিনি হাজাৰ টকা আদায় দি এই গাঁওবুঢ়াজনৰ পৰা মাটিৰ তথ্য লৈছিল বুলি জনায় মহিলাগৰাকীয়ে ।
গাঁওবুঢ়াজনৰ ব্যৱহাৰত অসন্তুষ্ট মহিলাগৰাকীয়ে গোসাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ ওচৰত মৌখিকভাৱে গাঁওবুঢ়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । আনহাতে গাঁওবুঢ়াজনৰ এনে আচৰণক গৰিহণা দি মানৱতা থাকিলে গাঁওবুঢ়াজনে অবিলম্বে নিজৰ ভূলৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজক অন্যথা প্ৰশাসনৰ দ্বাৰাই এনে দুৰ্নীতিগ্ৰস্ত গাঁওবুঢ়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় বাঙালী জনমুক্তি বাহিনীৰ অধ্যক্ষ ৰঞ্জন সৰকাৰে ।