কোকৰাঝাৰ,8 এপ্ৰিল : কোকৰাঝাৰ লোকসভা সমষ্টিৰ গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভা ৷ গোসাইগাঁৱত ভোটাৰ ৰাইজৰ সৈতে মত-বিনিময় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ৷ উৎফুল্লিত ভোটাৰ তথা কংগ্ৰেছ কর্মী ৷
গোসাইগাঁৱত ভোটাৰৰ সৈতে মত-বিনিময় শব্দৰাম ৰাভাৰ
তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । সেয়েহে ভোটাৰৰ পদূলিয়ে-পদূলিয়ে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শব্দৰাম ৰাভা ।
তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত এতিয়া নিৰ্বাচনী প্ৰচাৰ । নিদ্ৰাহীন হৈ পৰিছে দলৰ নেতা, কর্মী তথা প্ৰাৰ্থী । ভোটাৰৰ পদূলিয়ে-পদূলিয়ে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শব্দৰাম ৰাভা ।
আজি কোকৰাঝাৰ লোকসভা সমষ্টি তথা গোসাইগাঁও বিধানসভা সমষ্টিৰ অতিকৈ পিছপৰা তথা অনুন্নত বৃহত্তৰ গোসাইগাঁৱৰ তামাৰহাট, কামানদান্গা হাতীধুৰা, শ্ৰীৰামপুৰ, শিমূলটাপু , ভোমৰাবিল, ভাউৰাগুৰী তথা তুলসিবীল অঞ্চলত উপস্থিত হয় কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভা । কোনো ধৰণৰ জনসভা অনুষ্ঠিত নকৰি পদব্ৰজে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা মাগিছে প্ৰাৰ্থীগৰাকীয়ে ৷ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত সাধাৰণ ভোটাৰ ৰাইজৰ খা-খবৰ লোৱাৰ লগতে বিভিন্ন দিশত মত- বিনিময় কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ তাৰোপৰি কংগ্ৰেছৰ জেষ্ঠ নেতা-কৰ্মীক সাক্ষাৎ কৰি উপদেশ আৰু পৰামৰ্শও লয় শব্দৰাম ৰাভাই । প্ৰাৰ্থীগৰাকীৰ এনে অভিনৱ নিৰ্বাচনী প্ৰচাৰে ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে উৎফুল্লিত হৈ পৰে কংগ্ৰেছ প্ৰিয় ভোটাৰ ৰাইজ । বিগত সময়চোৱাত উন্নয়নে ঢুকি নোপোৱা বৃহত্তৰ গোসাইগাঁও অঞ্চলৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি সাধাৰণ ৰাইজৰ লগত বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ।