অসম

assam

ETV Bharat / state

বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া - বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ময়ে ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ব্ৰহ্মই এই বিষয় উত্থাপন কৰাত বিপিএফ জড়িত থকাৰ কথা উল্লেখ কৰে ৷

Reaction of minister pramila rani brahma on bodo kachari welfare autonomous council kokrajhar assam etv bharat news
বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

By

Published : Sep 8, 2020, 10:29 PM IST

কোকৰাঝাৰ,8 ছেপ্তেম্বৰ: অৱশেষত বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিপিএফৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ময়ে ৷ যি সময়ত বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কত বিপিএফ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মই বাজেটত গৃহীত নকৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, এনে সময়তে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই স্থিতি স্পষ্ট কৰিছে ৷

মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ব্ৰহ্মই এই বিষয় উত্থাপন কৰাত বিপিএফ জড়িত থকাৰ কথা উল্লেখ কৰে ৷ কিন্তু এই কাউঞ্চিলত দুখন জিলা ক্ৰমে শোণিতপুৰ আৰু বিশ্বনাথক অন্তৰ্ভূক্ত কৰা সন্দৰ্ভত এক বেমেজালি সৃষ্টি হোৱাৰ আশংকাতে স্থগিত কৰা হৈছে ৷

বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

আনহাতে, মঙলবাৰে 21 খন জিলাৰ 10 লাখ লোক বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদৰ পৰা বঞ্চিতৰ অভিযোগত বিভিন্ন স্থানত বড়ো দল-সংগঠনে বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰাক্তন বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

লগতে চাওকঃওপজাদিনত সুধাকণ্ঠক ৰাজ্যজুৰি স্মৰণ

ABOUT THE AUTHOR

...view details