অসম

assam

By

Published : Aug 23, 2020, 1:45 PM IST

ETV Bharat / state

অশোক গয়াৰীৰ বাহনত কৰা আক্ৰমণত জড়িত নহয় বিপিএফ: গিলবাৰ্ট বৰগয়াৰী

শুকুৰবাৰে অন্যতম ৰাজনৈতিক দল ইউপিপিএলৰ নেতা অশোক গয়াৰীৰ ব্যক্তিগত বাহনত কৰা আক্ৰমণৰ ঘটনাত বিপিএফ দল জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল ৷ উক্ত অভিযোগ খণ্ডন কৰিবলৈ ঘটনাটোৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্লক বিপিএফৰ উপ-সভাপতি গিলবাৰ্ট বৰগয়াৰীয়ে ৷

Reaction of BPF in the matter of UPPL leader attacked in kokrajhar assam etv bharat news
বিপিএফৰ সংবাদমেল

কোকৰাঝাৰ,23 আগষ্ট: বিগত এপ্ৰিল মাহত ধাৰ্য কৰা হৈছিল বিটিচি নিৰ্বাচনৰ দিন ৷ কিন্তু কৰ’ণা ভাইৰাছৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছে এই নিৰ্বাচন ৷ সম্প্ৰতি পুনৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যত যো-জা চলাই থকা হৈছে বিটিচি নিৰ্বাচনৰ ৷ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তৎপৰ হৈ উঠিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে সংঘটিত হৈছে দুই-এক বিক্ষিপ্ত ঘটনা ৷

বিপিএফৰ সংবাদমেল সম্বোধন

শুকুৰবাৰে অন্যতম ৰাজনৈতিক দল ইউপিপিএলৰ নেতা অশোক গয়াৰীৰ ব্যক্তিগত বাহনত কৰা আক্ৰমণৰ ঘটনাত বিপিএফ দল জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল ৷ উক্ত অভিযোগ খণ্ডন কৰিবলৈ ঘটনাটোৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্লক বিপিএফৰ উপ-সভাপতি গিলবাৰ্ট বৰগয়াৰীয়ে ৷

ব্লক বিপিএফৰ উপ-সভাপতিগৰাকীয়ে দেৱৰগাঁওস্থিত দলটোৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি অশোক গয়াৰীয়ে উত্থাপন কৰা এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি প্ৰকাশ কৰে ৷ গয়াৰীৰ বাহনত কৰা আক্ৰমণত কোনোধৰণে বিপিএফ-ৰ কৰ্মী জড়িত নহয় বুলি উত্থাপিত অভিযোগ একেমুখে নসাৎ কৰে বৰগয়াৰীয়ে ৷ তদুপৰি পৰৱৰ্তী নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’ব বুলি জানি ইউপিপিএল-ৰ নেতা-কৰ্মীসকলে এনে অভিযোগ উত্থাপন কৰিছে বুলি বিপিএফৰ ব্লক উপ-সভাপতিগৰাকীয়ে স্পষ্টভাৱে প্ৰকাশ কৰে ৷ বৰঞ্চ এনে কাৰ্য ইউপিপিএল-ৰে নেতা-কৰ্মীৰ বুলিহে বৰগয়াৰীয়ে উল্লেখ কৰে ৷ কিয়নো কৰ’ণা মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা নিশা 9 বজাৰ পৰা জাৰি কৰা সান্ধ্য আইনৰ পিছতো অশোক গয়াৰীয়ে এই নিৰ্দেশ উলংঘা কৰি নিশা 11 বজা পৰ্যন্ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে বুলি ওলোটাই অভিযোগ উত্থাপন কৰে বৰগয়াৰীয়ে ৷

উল্লেখ্য যে, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে তিনিটাকৈ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত পৰৱৰ্তী নিৰ্বাচনতো ২৫খনকৈ আসনত বিজয়ী হৈ চৰকাৰ গঠন কৰাতো একপ্ৰকাৰ নিশ্চিত বুলি দাবী জনাই নেতাগৰাকীয়ে ।

লগতে চাওকঃস্বাধীনতাৰ ৭৪ বছৰে উন্নয়নৰ মুখ নেদেখা নলবাৰীৰ এখন গাঁও

ABOUT THE AUTHOR

...view details