অসম

assam

By

Published : May 25, 2022, 10:33 PM IST

ETV Bharat / state

Minor Gang Rape in Kokrajhar: কোকৰাঝাৰৰ দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক ফাঁচিৰ দাবী

নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ কোকৰাঝাৰত অব্যাহত আছে প্ৰতিক্ৰিয়া (Minor gang rape in Kokrajhar)৷ আক্ৰাছু, আছা, নাথ যোগী ছাত্ৰ সন্থা, গৰিয়া মৰিয়া দেশী পৰিষদসহ সাতটা সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷ দোষীক ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা ফাঁচি আৰু কু-কাৰ্যত জড়িত বেদখলকাৰীক চৰকাৰী ভূমিৰ পৰা উচ্ছেদৰ দাবী জনায় সংগঠনকেইটাই ৷

Minor gang rape in Kokrajhar
কোকৰাঝাৰৰ দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক ফাঁচিৰ দাবী

কোকৰাঝাৰ, ২৫ মে’: কোকৰাঝাৰৰ ছালাকাটিত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰা ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া (Minor gang rape in Kokrajhar)৷ বুধবাৰে আক্ৰাছুৰ সভাপতি বলোৰাম বৰ্মনৰ নেতৃত্বত আছা, নাথ যোগী ছাত্ৰ সন্থা আৰছু, গৰিয়া মাৰিয়া দেশী পৰিষদ, সুত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনকে ধৰি সাতটা সংগঠনে উক্ত জঘন্য ঘটনাৰ সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই জিলা উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ পত্ৰ প্ৰেৰণ কৰে (Memorandum to CM on Kokrajhar gang rape) ৷

স্মাৰক পত্ৰত সাতটা সংগঠনে দোষীক ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা ক্ষীপ্ৰ বিচাৰ কৰি ফাঁচি দিয়া(Fast track court for Kokrajhar gang rape case), উক্ত কাৰ্যত জড়িত অবৈধ প্ৰৱজনকাৰীক চৰকাৰীভাৱে উচ্ছেদ কৰা আৰু ভুক্তভোগী নাবালিকাগৰাকীৰ পঢ়াশুনাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন কৰে ৷ তদুপৰি ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদুছ আহমেদে সহযোগ নকৰাৰ অভিযোগ তুলি আৰক্ষী বিষয়াগৰাকীৰ বদলিকৰণৰ দাবী তোলে সংগঠন কেইটাই ৷

কোকৰাঝাৰৰ দলবদ্ধ ধৰ্ষণৰ অভিযুক্তক ফাঁচিৰ দাবী

কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাক স্মাৰকপত্ৰ প্ৰদানৰ সময়ত আক্ৰাছুৰ উপৰিও আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, আৰছুৰ জিলা সভাপতি বিনু কোচ, গৰিয়া মাৰিয়া দেশী জাতিয় পৰিষদৰ বিটিআৰ ক্ষেত্ৰীয় সভাপতি ছেলিম পাটগিৰি, সুত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ জিলা সভাপতি তৰুণ সূত্ৰধৰ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ জিলা সভাপতি ইন্দ্ৰজিৎ দেৱনাথ উপস্থিত থাকে ৷

ইপিনে কমতাপুৰ স্বায়ত্ত পৰিষদৰ(Kamatapur Autonomous Council) কাৰ্যবাহী সদস্যৰ এটা সজাতি দলেও বুধবাৰে কোকৰাঝাৰ জিলা উপাযুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰকপত্ৰ যোগে EM জীৱেশ ৰায়ে ছালাকাটিৰ ঘটনাত অবৈধ প্ৰৱজনকাৰীৰ লোক জড়িত থকা বুলি বিস্ফোৰক অভিযোগ তুলি সন্দেহজনক নাগৰিকক উচ্ছেদ কৰা আৰু দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তোলে ৷ উল্লেখ্য যে, ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত যোৱা ২৩ মে’ৰ সন্ধিয়া তিনিজন লোকে এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত কৰিছিল ৷

লগতে পঢ়ক:Minor gang raped in Kokrajhar: ১৫ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ

ABOUT THE AUTHOR

...view details