অসম

assam

ETV Bharat / state

অভয়াকুটিৰ দুই নাবালিকা ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী - kokrajhar death

কোকৰাঝাৰ জিলাৰ অভয়াকুটিত যোৱা ১১ জুনত দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য কাণ্ডৰে জড়িত হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শনিবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

protest-at-abhayapuri-against-two-minor-sister-death
অভয়াখুটিৰ দুই নাবালিকা ধৰ্ষণৰ প্ৰসংগত প্ৰতিবাদী কাৰ্যসূচী

By

Published : Jun 19, 2021, 10:57 PM IST

Updated : Jun 20, 2021, 7:39 PM IST

কোকৰাঝাৰ, 19জুন: কোকৰাঝাৰ জিলাৰ অভয়াকুটিত যোৱা ১১ জুনত দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য কাণ্ডৰে জড়িত দোষী তথা হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শনিবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিৰ সহযোগত কোকৰাঝাৰৰ টেঙাপাৰাস্থিত জিলা এবছুৰ কাৰ্যালয় মাইবং হাউচত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ৷ ক’ভিড প্ৰট’কলৰ সকলো নীতি-নিয়ম মানি ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠন দুটাৰ নেতা-কৰ্মীসকলে বেনাৰ, প্লে’-কাৰ্ড আদি প্ৰদৰ্শন কৰি উক্ত ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনাৰে জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায় ৷

অভয়াখুটিৰ দুই নাবালিকা ধৰ্ষণৰ প্ৰসংগত প্ৰতিবাদী কাৰ্যসূচী

ইপিনে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰা এবছুৰ সম্পাদিকা ৰংগীনা বৰগয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘উক্ত জঘন্য কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ৷ লগতে নাবালিকা দুগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সতে জড়িত দোষী তথা হত্যাকাৰীক আইন অনুযায়ী কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছো’ ৷ এবছুৰ সম্পাদিকা গৰাকীয়ে ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষীপ্ৰতাৰে ভুক্তভোগী কিশোৰী দুগৰাকীৰ পৰিয়ালক ন্যায় প্ৰদান কৰা, আৰ্থিক সাহায্য প্ৰদান কৰা আৰু ৰাজ্যজুৰি সাধাৰণ নাগৰিকৰ জীৱন, সা-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও দাবী জনাইছে ৷

উল্লেখ্য যে, প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এবছু আৰু বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

কিছুদিন পূৰ্বে দুই ভগ্নীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ কোকৰাঝাৰ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছিল কোকৰাঝাৰ জিলাৰ অতি ভিতৰুৱা গাঁও অভয়াকুটিত ৷ অভয়াকুটি গাঁৱৰ দুই সম্পৰ্কীয় ভগ্নীৰ মৃতদেহ একেলগে এডাল গছতে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে । আত্মহত্যা কৰা দুয়োগৰাকীয়েই নাবালিকা বুলি জানিব পৰা গৈছে ৷

ইপিনে কোকৰাঝাৰৰ অভয়াকুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ড (Abhaykuti rape and murder case)ৰ তিনি মূল অভিযুক্তৰ অন্যতম ফৰিজুল ৰহমান (22) নামৰ অভিযুক্তজন কিছুদিন পূৰ্বে কোকৰাঝাৰত আৰক্ষীৰ গুলিত গুলীবিদ্ধ হৈছিল ৷ এই ঘটনাৰ পাচতেই শনিবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিয়ে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ অৱশেষত ৰহস্যভেদ হৈছে । বিগত 11 জুনত কোকৰাঝাৰ থানাৰ অভয়াকুটিত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) ই এক টুইটযোগে উক্ত ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি অভিহিত কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ

Last Updated : Jun 20, 2021, 7:39 PM IST

ABOUT THE AUTHOR

...view details