কোকৰাঝাৰ, 4 নৱেম্বৰ :কোকৰাঝাৰত 14 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন ৷ কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চান্দমাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব এই কবি সন্মিলনখনি ৷ মুঠ 100 টা ভাষাত স্বৰচিত কবিতা পাঠ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিশ্ববাসীক শান্তিৰ বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে এই কবি সন্মিলনখনি আয়োজনৰ যো-জা চলোৱা হৈছে ৷
বুধবাৰে বিয়লি চান্দমাৰীৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক সংবাদমেলযোগে কবি সন্মিলনখনৰ কথা সদৰী কৰে আয়োজক সমিতিৰ অধ্যক্ষ সুৰত নাৰ্জাৰী আৰু আহ্বায়ক বিহুং ব্ৰহ্মৱে ৷ 100 টা ভাষাত অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলনখনলৈ স্থানীয় তথা বিভিন্ন ৰাজ্যৰ কবিসকলৰ লগতে দেশ-বিদেশৰ কবিসকল উপস্থিত থাকিব বুলি আয়োজক সমিতিয়ে সদৰী কৰে ।