কোকৰাঝাৰ, ১০ নবেম্বৰ:কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰাত কাইলৈ অৰ্থাৎ ১১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইউনাইটেড পিপ'লছ পাৰ্টি লিবাৰেল (United Peoples Party Liberal) দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন (UPPL central session at Kokrajhar)। এই কেন্দ্ৰীয় অধিৱেশনখনক লৈ ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷
ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে সাজু জৌগালু পথাৰ ইতিমধ্য়ে এই উপলক্ষে চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ বিশাল ভূমিত আটকধুনীয়াকৈ ৰভা, তোৰণ, দলীয় প্ৰতীকি নিৰ্মাণ কৰা হৈছে (UPPL conferenced at Jaugalu field)। উক্ত অধিৱেশনত ইউপিপিএলৰ দলৰ দহখন জিলা সমিতিৰ ৬ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি বিধায়ক লৰেন্স ইছলাৰীয়ে সদৰী কৰিছে । তদুপৰি উক্ত মুকলি সভাত প্ৰায় ৬০ হাজাৰ লোকৰ সমাৱেশ ঘটিব বুলি আশা কৰা হৈছে বুলি দলীয় সূত্ৰই উল্লেখ কৰিছে । অধিৱেশনথলীৰ আশে-পাশে থলুৱা প্ৰদৰ্শণী বিপনী, বিশাল ভোজনালয় কক্ষ, অভ্যৰ্থনা সমিতিৰ কক্ষ, কেন্দ্ৰীয় আৰু জিলা সমিতিৰ পতাকা উত্তোলণথলী, শ্বহীদ বেদী নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।
ইপিনে, বৃহস্পতিবাৰে অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰন্স ইছলাৰীয়ে অধিৱেশনখনৰ প্ৰস্তুতিক লৈ এক সংবাদমেলৰ আয়োজন কৰে (MLA Lawrence Islari) । অধিৱেশনৰ অন্তিম দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Dr Himanta Biswa Sarma), বিশিষ্ট অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা (BJP state president Bhabesh Kalita), অগপৰ সভাপতি অতুল বৰা আৰু মিত্ৰজোঁটৰ জি এছ পিৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি তেওঁ সদৰী কৰে ৷
উল্লেখ্য যে ইউপিপিএলৰ এই বাৰ্ষিক অধিৱেশনতে দলৰ কেন্দ্ৰীয় মুল সমিতিখন নতুনকৈ গঠন কৰা হ'ব । মুলতঃ এই অধিৱেশনতে বিটিআৰত থকা বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত সৰ্বাঙ্গীন উন্নয়নৰ হকে বিশেষ গুৰুত্বৰোপেৰে শান্তি আৰু প্ৰগতিৰ বাৰ্তা দিয়া হ'ব বুলি কয় অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা বিধায়ক লৰেন্স ইছলাৰীয়ে (Press conference of MLA Lawrence Islari)।
লগতে পঢ়ক:Minister Nitin Gadkari in Guwahati: অসমৰ পথ পৰিবহণত আমূল পৰিৱৰ্তনৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ