অসম

assam

ETV Bharat / state

ইভিএম হস্তান্তৰৰ ঘটনাক তদন্তৰ দাবী প্ৰমোদ বড়োৰ - ইভিএম

বুধবাৰে ৰাজ্যত ইভিএম মেচিন হস্তান্তৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায় প্ৰমোদ বড়োৱে ৷ লগতে অন্তিম পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰত হোৱা বিক্ষিপ্ত ঘটনাৰো তদন্তৰ দাবী কৰে প্ৰমোদ বড়োৱে ৷

ইভিএম হস্তান্তৰ ঘটনাক তদন্তৰ দাবী প্ৰমোদ বড়োৰ

By

Published : May 1, 2019, 9:03 PM IST

কোকৰাঝাৰ,1মেঃ ৰাজ্যত ইভিএম মেচিন হস্তান্তৰ প্ৰসংগ অব্যাহত থকাৰ সময়তে বুধবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় নিৰ্বাচন আয়োগক। বুধবাৰে কোকৰাঝাৰত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দেশৰ নিৰ্বাচন আয়োগে দেশৰ গণতন্ত্ৰক বচাই ৰখাটো অতি প্ৰয়োজন। সেয়ে নিৰ্বাচন আয়োগে কোনোধৰণৰ একপক্ষীয় কাম নকৰে যাতে তাৰবাবে উচিত তদন্তৰ দাবী জনায় এবছু সভাপতিজনে ৷ ইপিনে 23 এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ চহৰত বিপিএফ কৰ্মীয়ে এবছুৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰো তদন্তৰ দাবী জনাই দোষীক অতিশীঘ্ৰে আটক কৰিবলৈ প্ৰশাসনক দাবী তুলে প্ৰমোদ বড়োৱে ৷

ইভিএম হস্তান্তৰ ঘটনাক তদন্তৰ দাবী প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details