অসম

assam

তৃতীয় বড়ো চুক্তি ৰাজ্যৰ বাবে শুভ বাৰ্তা : প্ৰমীলা ৰাণী ব্ৰহ্ম

By

Published : Jan 27, 2020, 1:12 PM IST

তৃতীয় বড়ো চুক্তি সম্পৰ্কত মন্তব্য আগবঢ়াইছে বিপিএফৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ এই চুক্তি সমগ্ৰ ৰাজ্যৰ বাবে এক শুভ বাৰ্তা বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

বিপিএফৰ মন্ত্ৰী
প্ৰমীলা ৰাণী ব্ৰহ্ম

কোকৰাঝাৰ, 27 জানুৱাৰী : সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এনডিএফবিৰ মাজত স্বাক্ষৰিত হ'ব তৃতীয় বড়ো চুক্তি ৷ এই চুক্তি সম্পৰ্কত মন্তব্য আগবঢ়াইছে বিপিএফৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

তৃতীয় বড়ো চুক্তি সম্পৰ্কত প্ৰমীলা ৰাণী ব্ৰহ্মৰ মন্তব্য

ব্ৰহ্মই কয় যে, এই চুক্তি সমগ্ৰ ৰাজ্যৰ বাবে এক শুভ বাৰ্তা ৷ এই চুক্তি কেৱল বড়ো জনগোষ্ঠীৰ নহয়, সমগ্ৰ জাতি-জনজাতিৰ সমান অধিকাৰৰ বাবে স্বাক্ষৰ কৰা হৈছে ৷ বিজেপি নেতৃত্বধীন চৰকাৰে সমগ্ৰ দেশত শান্তি ৰক্ষাৰ্থে অস্ত্ৰধাৰী আন্দোলন শেষ কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেইয়া শুভ লক্ষণ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

আৰু পঢ়ক : ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ৰঙিয়াত

ABOUT THE AUTHOR

...view details