কোকৰাঝাৰ, ১৫ জুলাাই: বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাৰ সৈতে এখন বৈঠকত মিলিত হয় অগপ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । গোৱালপাৰা আৰু ধুবুৰী জিলা পৰিভ্ৰমণৰ অন্তত কোকৰাঝাৰত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই,সংবাদ মাধ্যমৰ আগত অখিল গগৈক আবদ্ধ কৰি ৰাখিলেই ন্যায্য দাবীসমূহ নাইকিয়া হৈ নাযায় বুলি মন্তব্য কৰে ।
অখিল গগৈক মুক্তি দিবলৈ আহ্বান প্ৰফুল্ল কুমাৰ মহন্তৰ - prafulla kumar mahanta
গোৱালপাৰা আৰু ধুবুৰী জিলা পৰভ্ৰমণৰ অন্তত বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ দলীয় বৈঠকত মিলিত হয় অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্ত । অখিল গগৈসহ আন আন কাৰাবন্দীসকলক মুক্তিৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ।
প্ৰফুল্ল কুমাৰ মহন্ত
ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পাচতো ভিন্ন অভিযোগেৰে তেওঁলোকক কাৰাবন্দী কৰি ৰখা হৈছে বুলি মন্তব্য কৰি,কৃষক নেতা গৰাকী লগতে তেওঁৰ সতীৰ্থ সকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈও আহ্বান জনায় অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে । এই ক্ষেত্ৰত চৰকাৰ সচেতন হোৱা উচিত বুলি উল্লেখ কৰে প্ৰফুল্ল কুমাৰ মহন্তই ।