কোকৰাঝাৰ, 26 মে':কৰ'ণাৰ ত্ৰাসৰ মাজতে বুধবাৰে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ে প্ৰতি মিনিটত দুশ লিটাৰ অক্সিজেন উৎপাদনকাৰী এটা অক্সিজেন জেনেৰেটৰ প্লেণ্ট লাভ কৰে ৷ বুধবাৰে চিকিৎসালয়খনে প্লেণ্টটো লাভ কৰে ৷
বুধবাৰে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ে প্লাণ্টটো লাভ কৰে দিল্লীৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা বুধবাৰে ট্ৰাকেৰে এই অক্সিজেন জেনেৰেটৰ প্লেণ্ট চিকিৎসালয়খন আহি পায় ৷ চিকিৎসালয়খনে এই প্লেণ্ট লাভ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা জিলাখনত অক্সিজেনৰ অভাৱ ন'হব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
এই প্লাণ্টৰ জৰিয়তে প্ৰতি মিনিটত উৎপন্ন হ'ব 200 লিটাৰকৈ অক্সিজেন অৱশ্যে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰত্যক্ষ নিৰ্দেশনাত ইতিমধ্যে অক্সিজেন জেনেৰেটৰ প্লাণ্টৰ বাবে আন্ত:গাঁথনি সম্পূৰ্ণ হৈ পৰিছিল । অহা এক সপ্তাহৰ ভিতৰতে অক্সিজেন জেনেৰেটৰ প্লাণ্ট কাৰ্যক্ষম হব বুলি আশা প্ৰকাশ কৰি মিনিটে প্ৰতি দুশ লিটাৰ অক্সিজেন উৎপাদনৰ ফলত কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত কোনো ধৰণৰ অক্সিজেনৰ নাটনি ন'হব বুলি উল্লেখ কৰিছে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ এ এছ শৰ্মাই ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৰাজ্যিক বিজেপিৰ ১১ লাখ টকাৰ সাহাৰ্য