কোকৰাঝাৰ,10 জুন : কোকৰাঝাৰস্থিত নামনি অসমৰ একমাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত শিক্ষক গোটৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীয়ে সোমবাৰে দ্বিতীয় সপ্তাহত ভৰি দিলে ৷ ১৯৯৬ চনতে স্থাপিত কলেজখন চৰকাৰীকৰণৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীত যোৱা ২৯ মে'ৰ পৰা শ্ৰেণীবৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষকসকলে ৷ ২৪ বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি হ'লেও শিক্ষাদান কৰি অহা শিক্ষকসকলে চৰকাৰৰ বঞ্চনাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ অসম চৰকাৰ তথা বিটিচি চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই কিছুসংখ্যক শিক্ষকে চৰকাৰীকৰণৰ অবিহনেই অৱসৰ ল'বলগীয়া হ'ল ৷
কোকৰাঝাৰৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত অচলাৱস্থা - কোকৰাঝাৰ
কোকৰাঝাৰৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত শিক্ষক গোটৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীয়ে সোমবাৰে দ্বিতীয় সপ্তাহত ভৰি দিলে ৷ ২৪ বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি শিক্ষাদান কৰি অহা শিক্ষকসকলে চৰকাৰৰ বঞ্চনাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
কিন্তু এনেদৰে শ্ৰেণীবৰ্জন হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ সেয়েহে 1 জুনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলেও পাঠদান বন্ধ হৈ থকাৰ বাবে আৰম্ভ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ অহা ১৩ জুনৰ পৰা চেমিষ্টাৰ পৰীক্ষা,নিয়মীয়া পাঠদানৰ দাবীত অনিৰ্দিষ্টকালৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে কলেজ চৌহদ উত্তাল কৰি তুলিলে ছাত্ৰ-ছাত্ৰীসকলে ৷ এতিয়া অভিযোগ উত্থাপন হৈছে যে,মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হস্তক্ষেপত থকা কলেজখন এনেকৈয়ে আলৈ-আথানি হোৱাৰ পাছতো কোনো খবৰ নাই ব্ৰহ্মৰ ৷