অসম

assam

ETV Bharat / state

আই টি আইৰ ছাত্ৰ হত্য়াৰ অভিযোগত গ্ৰেপ্তাৰ তিনি - Student murder in Assam

Student murder:কোকৰাঝাৰ চহৰৰ ৰূপাথি নগৰৰ গেৰেমছা নাৰ্জাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ । ব্যক্তিগত আখেজ , মোবাইল আৰু টকা-পইচাৰ লেন-দেনক লৈ উক্ত হত্যাকাণ্ডৰ সন্দেহ ।

Crime news of Kokrajhar
গেৰেমছা নাৰ্জাৰীৰ হত্যাকাণ্ড

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 8:44 PM IST

গেৰেমছা নাৰ্জাৰীৰ হত্যাকাণ্ড

কোকৰাঝাৰ, ৩১ ডিচেম্বৰ : কোকৰাঝাৰ চহৰৰ গেৰেমছা নাৰ্জাৰী নামৰ ছাত্ৰজনৰ হত্যাকাণ্ডৰে জড়িত মূল অভিযুক্তসহ তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ কোকৰাঝাৰ সদৰ আৰক্ষীয়ে ৰবিবাৰে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্তটো হৈছে পৃথ্বীৰাজ নাৰ্জাৰী (১৯) ৷ পৃথ্বীৰাজ নাৰ্জৰীক নিজৰ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ধৃত আন দুটা অভিযুক্ত নাবালক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

আজি কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) পৃথ্বীৰাজ ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, কোকৰাঝাৰ চহৰৰ ৰূপাথি নগৰৰ গেৰেমছা নাৰ্জাৰীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তজনেই হ'ল পৃথ্বীৰাজ নাৰ্জাৰী ৷ পৃথ্বীৰাজ নাৰ্জাৰীৰ ঘৰ কোকৰাঝাৰ সদৰ চহৰৰ বড়ো ভাতাৰমাৰীত । পৃথ্বীৰাজ নাৰ্জাৰীৰ লগতে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন দুটা অভিযুক্ত নাবালক বুলি উল্লেখ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ।

প্ৰাথমিক তদন্ত অনুযায়ী ব্যক্তিগত আখেজ, মোবাইল আৰু টকা-পইচাৰ লেন-দেনক লৈ উক্ত হত্যাকাণ্ডটো সংঘটিত হৈছিল । আৰক্ষীয়ে আৰু অধিক ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । দুই এদিনতে সকলো কথা ওলাই পৰিব বুলি মন্তব্য কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই । উল্লেখ্য যে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত গোচৰ নং ৪২৯/২০২৩ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ 129(B)/302/379 ধাৰাত গোচৰ ৰজু হৈছে ।

উল্লেখ্য যে কোকৰাঝাৰৰ সদৰ চহৰৰ ৰূপাথি নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা তথা গোসাইগাঁও আই টি আইৰ ছাত্ৰ গেৰেমছা নাৰ্জাৰী যোৱা তিনিদিন ধৰি নিখোজ হৈ আছিল ৷ শনিবাৰে কোকৰাঝাৰৰ মাগুৰমাৰী চাহবাগানৰ এটা নলাৰ পৰা গেৰেমছা নিৰ্জাৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক:কিশোৰীক ধৰ্ষণৰ অপচেষ্টা, পানীৰ টেংকীত ডুবাই শিলেৰে থেতেলিয়াই হত্যা

ABOUT THE AUTHOR

...view details