কোকৰাঝাৰ, 11 জুন:পুনৰ অশান্ত কোকৰাঝাৰ ৷ বিভিন্ন বিদ্ৰোহী সংগঠনে মূলসুঁতিলৈ ঘুৰি অহাৰ পিছতে কিছুদিনৰ বাবে শান্তিৰ পৰিবেশ বিৰাজ কৰা বিটিআৰৰ সদৰ জিলা কোকৰাঝাৰত পুনৰ অশান্ত হৈ উঠিছে ৷ জিলাখনত সম্প্ৰতি ধন দাবী তথা হিংসাত্মক কাৰ্যকলাপ প্ৰায়ে সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ জিলাখনৰ ছালাকাটিত শুকুৰবাৰে নিশা ধনদাবী কৰিবলৈ অহা অস্ত্ৰধাৰী অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে এজন ব্যৱসায়ীক (Businessman injured in Kokrajhar) ৷
ব্যৱসায়ীজনে জনোৱা অনুসৰি, নিশা 8.30 মান বজাত দোকানত থকাৰ সময়তে এটা ছয়জনীয়া দুষ্কৃতিকাৰীৰ দলে চাৰিটা পিষ্টল লৈ দোকানত প্ৰৱেশ কৰে ৷ লগতে ব্যৱসায়ী বিকাশ জৈনৰ পৰা ধনদাবী কৰে । ব্যৱসায়ীগৰাকীয়ে ধন নাই বুলি কোৱাত পিষ্টলৰ বাটেৰে (Butt) ব্যৱসায়ীগৰাকীৰ মূৰত আঘাত কৰে (Miscreants attack businessman with Pistol) । ইয়াৰোপৰি দুষ্কৃতিকাৰীৰ দলটোৱে দোকানৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰি আহত কৰি কেচ বক্সৰ পৰা টকা লুট কৰি নিয়াৰ সময়ত চিচি কেমেৰা বুলি টিভি এটা ভাঙি থৈ যায় বুলি জানিব দিয়ে বিকাশ জৈনে ৷