অসম

assam

By

Published : May 25, 2020, 5:28 PM IST

ETV Bharat / state

প্ৰমিলাৰাণীৰ বিৰুদ্ধে ফেচবুকত অপপ্ৰচাৰক লৈ সৰৱ মন্ত্ৰীগৰাকী, গোচৰ ৰুজু

ফেচ বুকৰ ফেক প্ৰফাইলত বিপিএফৰ উপ সভানেত্ৰী তথা সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণীৰ বিৰুদ্ধে অপ প্ৰচাৰ চলোৱা ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ ইতিমধ্যে মন্ত্ৰী গৰাকীয়ে লৈ

ETV BHARAT
ছচিয়েল মিডিয়াত অপ প্ৰচাৰ চলোৱা দুষ্ট চক্ৰৰ বিৰুদ্ধে এজাহাৰ মন্ত্ৰী প্ৰমিলাৰ

কোকৰাঝাৰ, 25মেঃ ফেচবুকত ভুৱা প্ৰফাইলত বিপিএফ উপ-সভানেত্ৰী তথা সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্মৰ বিৰুদ্ধে দুষ্ট চক্ৰই অপপ্ৰচাৰ চলোৱাক লৈ সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী ৷ ইতিমধ্যে দুষ্ট চক্ৰৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰে মন্ত্ৰীগৰাকীয়ে ৷

বিটিএডিত ৰাজ্যপালৰ শাসনৰ সময়তেই বড়োভূমিত বিপিএফ আৰু ইউপিপিএল দলৰ মাজত বিৰাজ কৰিছে এক অঘোষিত শীতল প্ৰতিযোগিতা ৷ ইতিমধ্যে ফেচবুক পেজত কোনো অচিনাক্ত লোকে মন্ত্ৰী প্ৰমিলা ৰাণীক দলৰ মজিয়াত ভাৱমূৰ্তি হেয় প্ৰতিপন্ন কৰিবলৈ ৰচিছে কূটকৌশল ৷ আনকি দুষ্ট চক্ৰটোৱে ফেচবুকৰ ভুৱা প্ৰফাইলত বিপিএফ উপ সভানেত্ৰী তথামন্ত্ৰী প্ৰমিলা ৰাণী ইউপিপিএলৰ সমৰ্থক বুলি ৰাইজক ট্ৰেক্টৰৰ প্ৰতীক চিহ্নত ভোট দিবলৈ বড়ো ভাষাৰে দিয়া আহ্বানে তোলপাৰ লগাইছে বিপিএফ দলত ৷

এই ঘটনাত ক্ষুব্ধ হৈ মন্ত্ৰী প্ৰমিলা ৰাণীয়ে সংবাদমেল সম্বোধন কৰে ৷ সংবাদ মেলত তেওঁ উক্ত বিষয়টো আৰক্ষীয়ে তদন্ত কৰিলে ওলাই পৰিব বুলি কোৱাৰ লগতে এয়া এক সাংঘাতিক অপৰাধ বুলি ক্ষোভ প্ৰকাশ কৰে ৷ লগতে বিপিএফ দলৰ তেওঁ এগৰাকী সক্ৰিয় কৰ্মী, গতিকে দলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে দুষ্ট চক্ৰটোৱে গভীৰ ষড়যন্ত্ৰ কৰা বুলি সদৰি কৰে ৷ আনহাতে, বিপিএফৰ মহিলা কোষৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে জয়মতী বসুমতাৰী আৰু ৰমা দেৱী ছেত্ৰীয়ে কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৬৬/৬৭ আই টি এক্ট ২০০০ মৰ্মে ৫০০/৫০১ ধাৰাত এখন এজাহাৰ দাখিল কৰিছে ৷ অতিশীঘ্ৰে আৰক্ষী প্ৰশাসনক দুষ্ট চক্ৰটোক চিনাক্ত কৰি উপযুক্ত শাস্তি বিহিবলৈ আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে ৷

ছচিয়েল মিডিয়াত অপ প্ৰচাৰ চলোৱা দুষ্ট চক্ৰৰ বিৰুদ্ধে এজাহাৰ মন্ত্ৰী প্ৰমিলাৰ

আনহাতে, কোভিড -১৯ সন্দৰ্ভত সকলো ৰাইজকে সজাগ আৰু সামাজিক ব্যৱধান ৰাখি চলিবলৈ পৰামৰ্শ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰেদি আহি থকা প্ৰবাসী অসম বাসীক স্বাস্থ্য পৰীক্ষা কৰোৱাই কোৱাৰেন্টাইন হ'বলৈ কয় ৷ মাৰাত্মক কৰ'ণা ভাইৰাছক লৈ নিয়োজিত সকলো স্বাস্থ্যকৰ্মী, বিষয়াসকলক ভালদৰে কাম কৰাৰো আহ্বান দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক-সনাতন দাসৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details