কোকৰাঝাৰ,18 জানুৱাৰীঃকোকৰাঝাৰ আৰু গোঁসাইগাঁৱত শনিবাৰে ৰাইজক ভূমি পট্টা প্ৰদান কৰে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই । জিলাখনৰ বাঁশবাৰী আৰু গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁও বন সংমণ্ডলৰ অধীনত বসবাস কৰা ২৫ খন গাঁৱৰ ৰাইজে লাভ কৰে ভূমি পট্টা ৷ বিভিন্ন স্থানত অনুষ্ঠিত ৰাজহুৱা সভাত মন্ত্ৰীগৰাকী উপস্থিত থাকি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সভাসমূহত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, জিলা উপায়ুক্ত পাৰ্থপ্ৰতীম মজুমদাৰ, কোকৰাঝাৰৰ ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মনকে ধৰি চৰকাৰৰ বহুতো উচ্চপদস্থ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।
কোকৰাঝাৰত ভূমি পট্টা প্ৰদান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ - ভূমি পট্টা
কোকৰাঝাৰ আৰু গোঁসাইগাঁৱত প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে লাভ কৰে ভূমি পট্টা ৷ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই শনিবাৰে ৰাইজক প্ৰদান কৰে এই ভূমি পট্টা ৷
ভূমি পট্টা