অসম

assam

ETV Bharat / state

সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ টিটি পদৰ পৰা অব্যাহতি লক্ষ্মণ চন্দ্ৰ দাসক

শুকুৰবাৰে বিটিচি শিক্ষা বিভাগৰ সঞ্চালক কবিৰ আহমেদে বিষয়া লক্ষণ চন্দ্ৰ দাসক বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ "Officer on Special Duty" (OSD) আৰু সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ কোকৰাঝাৰৰ জিলা অভিযান সমন্বয়কৰ কাৰ্যালয়ত জিলা অনুষ্ঠান পৰিচালক (টিটি) পদৰ পৰা অব্যাহতি দিয়াৰ বাবে জাননী জাৰি কৰে ৷

By

Published : Jul 24, 2020, 2:51 PM IST

Lakhman Chandra Das resigned from the post of TT
সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ টিটি পদৰ পৰা অব্যাহতি লক্ষ্মণ চন্দ্ৰ দাসক

কোকৰাঝাৰ, 24 জুলাই: বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ "Officer on Special Duty"(OSD) আৰু সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ কোকৰাঝাৰৰ জিলা অভিযান সমন্বয়কৰ কাৰ্যালয়ত জিলা অনুষ্ঠান পৰিচালক (টিটি) পদৰ পৰা অব্যাহতি দিয়াৰ বাবে জাননী জাৰি কৰিছে বিটিচি শিক্ষা বিভাগৰ সঞ্চালকে | উল্লেখ্য যে একেগৰাকী ব্যক্তিয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপাধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰিও বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত "Officer on Special Duty" (OSD) আৰু সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ কোকৰাঝাৰৰ জিলা অভিযান সমন্বয়কৰ কাৰ্যালয়ত জিলা অনুষ্ঠান পৰিচালক (টিটি) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা তথ্য পোন প্ৰথমে ETV Bharat Assam য়ে পোহৰলৈ আনিছিল | এই বাতৰি প্ৰকাশৰ পাছতেই শুকুৰবাৰে বিটিচি শিক্ষা বিভাগৰ সঞ্চালক কবিৰ আহমেদে বিষয়া লক্ষণ চন্দ্ৰ দাসক বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ "Officer on Special Duty" (OSD) আৰু সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ কোকৰাঝাৰৰ জিলা অভিযান সমন্বয়কৰ কাৰ্যালয়ত জিলা অনুষ্ঠান পৰিচালক (টিটি) পদৰ পৰা অব্যাহতি দিয়াৰ বাবে জাননী জাৰি কৰে ৷

সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ টিটি পদৰ পৰা অব্যাহতি লক্ষ্মণ চন্দ্ৰ দাসক

লক্ষ্মণ চন্দ্ৰ দাসে কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপাধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰি পিছত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ দিনৰ ২০০৮ চনৰ পৰা বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ "Officer on Special Duty" (OSD) আৰু সৰ্বশিক্ষা অভিযানৰ অধীনষ্ঠ কোকৰাঝাৰৰ জিলা অভিযান সমন্বয়কৰ কাৰ্যালয়ত জিলা অনুষ্ঠান পৰিচালক (টিটি) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ দাসৰ চাকৰিৰ ম্যাদ আছিল 2020 চনৰ ৭ জুনলৈ ৷ কিন্তু সম্প্ৰতি বিটিচিত ৰাজ্যপালৰ শাসন চলি থকাৰ অচিলাৰে জ্যেষ্ঠ বিষয়াক ধমকি দি কৰি নীতি বহিৰ্ভূতভাৱে আজিকোপতি কাৰ্যনিৰ্বাহ কৰি আহিছিল বিষয়াগৰাকীয়ে | অৰ্থাৎ বিষয়াগৰাকীয়ে একে সময়তে চম্ভালি আছিল দুটাকৈ পদ | আনফালে শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজে দাসক নিজ বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে । কিয়নো বিনা শিক্ষকতাৰে বহু বছৰ ধৰি বেতন গ্ৰহণ কৰি আছিল যদিও যৌথ দায়িত্বত থাকি বিদ্যালয়ত পাঠদানৰ পৰা বিৰত আছিল লক্ষ্মণ চন্দ্ৰ দাস ৷ আনহাতে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে গুণগত শিক্ষাৰ লক্ষ্য ৰখা এনে সময়ত এজন শিক্ষকে পাঠদানক এৰি অইন পদত কাৰ্যনিৰ্বাহ কৰাটো গৰিহণযোগ্য নহয় বুলি উল্লেখ কৰে ইয়াৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে ৷

লগতে পঢ়ক : মানাহত মাৰণাস্ত্ৰসহ আটক চোৰাং চিকাৰী

ABOUT THE AUTHOR

...view details