অসম

assam

ETV Bharat / state

১২ হাজাৰৰ পৰা মাচুল হলগৈ ৪০ হাজাৰ ! - মাচুল বৃদ্ধি

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিৰ প্ৰতিবাদত এবছুৰ ধৰ্ণা ।

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিৰ প্ৰতিবাদত এবছুৰ ধৰ্ণা

By

Published : Jul 1, 2019, 2:52 PM IST

কোৰাঝাৰ,১ জুলাই :ঐতিহাসিক বড়ো চুক্তি অনুসৰি কোকৰাঝাৰৰ বালাগাঁৱত স্থাপিত হোৱা কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চি আই টিৰ মুল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি এবছুৰ উদ্যোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰখৰ ৰ'দকো নেওচি এবছুৰ কৰ্মী সমৰ্থকে সোমবাৰে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ চি আই টিৰ মূল প্ৰৱেশদ্বাৰত অৱস্থান গ্ৰহণ কৰি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত মাচুল বৃদ্ধিৰ প্ৰতিবাদত এবছুৰ ধৰ্ণা

মূলত নাম ভৰ্তিকৰণত ছাত্ৰ ছাত্ৰীৰ মাচুল বৃদ্ধি,সংৰক্ষণ নীতি মানি চলা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত এবছুৱে আজি এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ধৰ্মঘটৰ অন্তত এবছুৰ মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত চি আই টি সঞ্চালকৰ আওকণীয়া মনোভাৱক সমালোচনা কৰি ডিপ্লোমা কৰ্চত ১২ হাজাৰ টকাৰ পৰা একেকোবে ৪০ হাজাৰ টকালৈ মাচুল বৃদ্ধি কৰাৰ অভিযোগ কৰে। বিটিচি চুক্তি অনুসৰি স্থাপিত হোৱা চি আই টিয়ে সংৰক্ষণ নীতি নমনাৰ অভিযোগ তুলি জয়ন্ত বসুমতাৰীয়ে কয় যে সংৰক্ষণ নীতি নমনাৰ বাবে আৰু অত্যাধিক হাৰত মাচুল বৃদ্ধিৰ পৰিণতিতে বি টি এডি এলেকাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে । লগতে অহা ৪ জুলাইৰ পূৰ্বে চি আই টিৰ খেলি মেলিসমূহ আতৰ কৰিবলৈ এবছুৱে আহ্বান জনায়।

ABOUT THE AUTHOR

...view details