অসম

assam

ETV Bharat / state

এনআৰচি চূড়ান্ত তালিকা: কোকৰাঝাৰত হৰ্ষ-বিষাদ-ক্ষোভ - চূড়ান্ত তালিকা প্ৰকাশ

চূড়ান্ত তালিকা প্ৰকাশৰ পাছত কোকৰাঝাৰত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ এচাম উল্লসিত ৷ এচাম ক্ষোভিত ৷

এনআৰচি চূড়ান্ত তালিকা প্ৰকাশৰ পাছত কোকৰাঝাৰত মিশ্ৰিত প্ৰতিক্ৰিয়া

By

Published : Aug 31, 2019, 7:18 PM IST

কোকৰাঝাৰ, 31 আগষ্ট: শনিবাৰে সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ চূড়ান্ত তালিকা নিৰ্দিষ্ট ৱেবছাইট লগতে জিলাৰ বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰসমূহত প্ৰকাশ পোৱাৰ লগে লগে জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। উল্লেখযোগ্য যে , কোকৰাঝাৰত এই চূড়ান্ত তালিকা প্ৰকাশত কিছুমান ব্যক্তিয়ে নিজৰ বা পৰিয়ালৰ নাম দেখি সন্তুষ্ট হৈছে যদিও কিছুসংখ্যক ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নোহোৱাত দুখত ভাগি পৰিছে। বহু কষ্ট আৰু পৰিশ্ৰমেৰে প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পিছতো চূড়ান্ত তালিকাত নাম বাদ পৰা সকল ক্ষোভিত হৈছে । মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাক লৈ তেওঁ অতি সুখী,ইয়াৰ বাবে অসমবাসী ৰৈ আছিল বুলিও তেওঁ জনায়। ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে সাংবাদিকৰ আগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ণ চূড়ান্ত তালিকাৰ পৰা অসমত থকা বিদেশীৰ সংখ্যা পোহৰলৈ অহা বুলিও উল্লেখ কৰে। বিদেশী বুলি 19 লাখ 6 হাজাৰ 657 জনৰ নাম কৰ্তন হোৱাৰ কথাটোও তেওঁ উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details