কোকৰাঝাৰ, 4 মাৰ্চঃ চলিত মাহৰ ২১ আৰু ২২ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব সদৌ অসম নাথযোগী ছাত্ৰ সন্থা দক্ষিণ কোকৰাঝাৰ আঞ্চলিকৰ বাৰ্ষিক সাধাৰণ সভা । এই সভাতে অনাগত বি টি চি নিৰ্বাচনৰ সাংগঠনিক স্থিতি স্পষ্ট কৰাৰ সিদ্ধান্ত লোৱা হ'ব বুলি সদৰী কৰে সংগঠনটোৱে । সাংগঠন হিচাপে কোন দল তথা কোন ৰাজনৈতিক দলৰ প্ৰাৰ্থীক সমৰ্থন কৰা হ'ব সেই বিষয়ে প্ৰতিনিধি সভাৰ জৰিয়তে সকলোৰে সহমত লৈ আগবঢ়া হ'ব । বি টি চি নিৰ্বাচন চমু চাপি অহাত সাংগঠনিক স্থিতি স্পষ্ট কৰা আৰু জাতিৰ এশ-এবুৰি সমস্যাৰ ওপৰত বিষদভাৱে আলোচনা কৰা উদ্দেশ্য লৈ সংগঠনৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰিবলৈ থিৰাং কৰা হৈছে । সেই উপলক্ষে বুধবাৰে কোকৰাঝাৰ চহৰৰ নিলগৰ গেন্দ্ৰাবিল প্ৰাথমিক বিদ্যালয় খেলপথাৰত সভাৰ মঞ্চৰ মুখ্য লাইখুঁটা স্থাপন কৰা হয় । গেন্দ্ৰাবিল বৃহৎ অঞ্চলৰ নাথ যোগী গোষ্ঠীৰ আই মাতৃ আৰু ডেকা গাভৰুৰ সহযোগত পূজা অৰ্চনাৰে লাইখুঁটা স্থাপন কৰে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লক্ষণ নাথে । মাংগলিক অনুষ্ঠানৰ জৰিয়তে সভাৰ মঞ্চৰ লাইখুঁটা স্থাপন কৰি সংগঠনৰ সাধাৰণ সম্পাদক অৰ্বিন্দ নাথে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি উক্ত সভাৰ জৰিয়তে সমাগত বি টি চি নিৰ্বাচনত নাথযোগী জনগোষ্ঠী লোকৰ ভোট কোন দলক আৰু কোন ৰাজনৈতিক দলৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়োৱা উচিত তাৰ ওপৰত বিষদভাৱে প্ৰতিনিধি সভাত গধুৰ আলোচনা কৰা হ'ব । তাৰোপৰি নাথযোগী জনগোষ্ঠীৰ লোকৰ বিভিন্ন ধৰণৰ জাতীয় সমস্যাৰ ওপৰতো আলোচনা কৰা হ'ব ।
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ লাইখুটা স্থাপন - kokrajhar nath-yogi student union meeting
বুধবাৰে কোকৰাঝাৰত লাইখুঁটা স্থাপন কৰা হয় সদৌ অসম নাথযোগী ছাত্ৰ সন্থা দক্ষিণ কোকৰাঝাৰ আঞ্চলিকৰ বাৰ্ষিক সাধাৰণ সভাৰ । সভাত বি টি চি নিৰ্বাচনৰ সাংগঠনিক স্থিতি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সদস্য অৰ্বিন্দ নাথে ৷
লাইখুঁটা স্থাপন সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ
বাৰ্ষিক সাধাৰণ সভাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণত সম্পাদক লুৰিন জ্যোতি গগৈ উপস্থিত থাকিব আৰু নিখিল বড়ো ছাত্ৰ সন্থা (এবছু) ৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী সহ বিভিন্ন জাতি জনজাতীয় ছাত্ৰ সংগঠন সমুহৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্বিন্দ নাথে।
আৰু পঢ়কঃ তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অসমত উপস্থিত প্ৰখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰছন
Last Updated : Mar 4, 2020, 8:39 PM IST