কোকৰাঝাৰ, 21 মাৰ্চঃ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰশংসনীয় পদক্ষেপ ৷ মহাবিদ্যালয় খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ শিক্ষক গোটে নিজ পৰীক্ষাগাৰত তৈয়াৰ কৰিছে ছেনিটাইজাৰ আৰু মাক্স । শনিবাৰৰ পৰা 20 লিটাৰকৈ তৈয়াৰ কৰি ওলাইছে হেণ্ড ৱাছ ছেনিটাইজাৰ । কৰ'ণা ভাইৰাছৰ আতংকত ৰাজ্যত হেণ্ড ৱাছ ছেনিটাইজাৰ আৰু মাক্সৰ নাটনিক ৰোধ কৰিবলৈ তেওঁলোকে গ্ৰহণ কৰিছে এই পদক্ষেপ । শনিবাৰে কোকৰাঝাৰৰ জিলা উপায়ুক্ত পাৰ্থপ্ৰতীম মজুমদাৰ আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনে মহাবিদ্যালয়খনত উপস্থিত হৈ এই বিষয়ে বুজ লৈ তেওঁলোকৰ পদক্ষেপক প্ৰশংসা কৰে আৰু জনসাধাৰণৰ মাজত বিতৰণ কৰে ।
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি বিনামূল্যে বিতৰণৰ ব্যৱস্থা - কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ৷ ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি বিনামূল্যে বিতৰণৰ ব্যৱস্থা কৰিছে মহাবিদ্যলয় কৰ্তৃপক্ষই ।
ছেনিটাইজাৰ আৰু মাক্স তৈয়াৰ কৰি বিনামূল্যে বিতৰণৰ ব্যৱস্থা