অসম

assam

ETV Bharat / state

এনআৰচিঃ কোকৰাঝাৰ জিলা প্ৰশাসনৰ বৈঠক - KOKRAJHAR DC MEET ON NRC

এনআৰচি চূড়ান্ত তালিকাকলৈ বিভিন্ন দল সংগঠনৰ সৈতে বৈঠক কোকৰাঝাৰ জিলা প্ৰশাসনৰ ৷ এন আৰ চি ক কেন্দ্ৰ কৰিয়ে শুক্ৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰ নেতৃত্বত কোকৰাঝাৰ বেছিক ট্ৰেইনিং চেণ্টাৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়

এনআৰচি চূড়ান্ত তালিকাকলৈ বিভিন্ন দলসংগঠনৰ সৈতে বৈঠক কোকৰাঝাৰ জিলা প্ৰশাসনৰ

By

Published : Aug 30, 2019, 11:07 PM IST

কোকৰাঝাৰ, 30 আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 31 আগষ্টৰ দিনা প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা৷ ইতিমধ্যে আন আন জিলাসমূহৰ লগতে কোকৰাঝাৰ আৰক্ষী প্ৰশাসনো সম্পূৰ্ণ সষ্টম হৈ পৰিছে৷ এন আৰ চি ক কেন্দ্ৰ কৰিয়ে শুক্ৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰ নেতৃত্বত কোকৰাঝাৰ বেছিক ট্ৰেইনিং চেণ্টাৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ উক্ত সভাত জিলাখনৰ বিভিন্ন দল সংগঠন ক্ৰমে সদৌ বড়ো ছাত্ৰ সন্থা, আছু, আমছু, এবিএমছু, বেংগলী ষ্টুডেন্টছ ফেডাৰেচন, জিলা বিজেপি, জিলা কংগ্ৰেছৰ নেতা সমূহে অংশগ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতিটো দল সংগঠনৰ নেতাৰ লগত মিলিত হয় জিলা আৰু আৰক্ষী প্ৰশাসন৷

এনআৰচি চূড়ান্ত তালিকাকলৈ বিভিন্ন দলসংগঠনৰ সৈতে বৈঠক কোকৰাঝাৰ জিলা প্ৰশাসনৰ
উল্লেখযোগ্য যে, কোকৰাঝাৰ প্ৰশাসনে এটা কোনট্ৰল ৰুম স্থাপন কৰি জনসাধাৰণৰ অভিযোগ আৰু তথ্যৰ বাবে 8471875491 আৰু 03661270657 হেল্পলাইন নম্বৰ মুকলি কৰিছে৷

ABOUT THE AUTHOR

...view details