কোকৰাঝাৰ,14ছেপ্টেম্বৰ :কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ গকুলকাটাত ভয়ংকৰ ঘটনা ৷ এক দুৰ্ঘটনাত থিতাতে নিহত ক্ৰেইন চালক ৷ নিহত চালকজন ৰামাশংকৰ যাদৱ বুলি চিনাক্ত ৷
প্ৰাপ্ত তথ্য অনুসৰি,৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান কাৰ্যৰ দ্বায়িত্বত থকা 'স্কীপাৰ' নামৰ ব্যক্তিগত কোম্পানীটোৰ হাইড্ৰ' ক্ৰেইন চালক আছিল নিহত ৰামাশংকৰ যাদৱ ৷ আজি বিয়লি ১বাজি ১৫ মিনিটত গকুলকাটাস্থিত কোম্পানীৰ ষ্টোৰ চেন্টাৰত ক্ৰেইনেৰে কাম কৰি থকাৰ সময়তে চালক গৰাকী তলত পৰে আৰু মৃত্যুক সাৱটি লয় ৷ ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷