কোকৰাঝাৰ, 2 ছেপ্তেম্বৰ : দেশত মহামাৰী কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ আৰু দেশজুৰি অব্যাহত থকা আনলক্-5 ৰ সময়ছোৱাত বিটিএডিত আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷ কিন্তু নিৰ্বাচনৰ নামত একাংশ লোকে ক'ভিড-19 ৰ গাইডলাইন অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বিপিএফ, বিজেপি আৰু ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিয়ে কৰ'ণাৰ ভয়াবহতাৰ মাজতে সভা-সমিতি আয়োজন কৰি আনলক্-5 ৰ গাইড লাইনত নিৰ্ধাৰিত কৰি দিয়া সংখ্যাতকৈ অধিক জনতাৰ সমাবেশ ঘটোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে, বিটিচি নিৰ্বাচনৰ আগত বিটিএডিৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত কৰ’ণাৰ গণ সংক্ৰমণৰ ভয়াবহতাৰ দিশে গতি কৰাৰ সম্ভৱনা প্ৰকট হৈ উঠিছে ৷ ইয়াৰ মাজতে বিটিচি পৰিষদৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলবোৰৰ ক্ষমতা দখলৰ কুচকাৱাজ আৰু শক্তি প্ৰদৰ্শন কৰিব গৈ সাধাৰণ ভোটাৰ ৰাইজক বিভিন্ন লালসা দি সভা-সমিতিত বাহনৰে মানুহ আনি সামাজিক দূৰত্ব পালন নকৰা আৰু মাস্ক পৰিধান নকৰা দৃশ্যই কৰ’ণাৰ গণ সংক্ৰমণৰ ভয়াবহতাৰ দিশে গতি কৰাৰ আশংকাত ভুগিছে স্বাস্থ্য বিভাগেও ৷