কোকৰাঝাৰ,6 নৱেম্বৰঃ শুকুৰবাৰে মাজবাটত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণশিঙা বজালে মন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ শৰ্মাই ৷ উল্লেখযোগ্য যে, সমাগত বিটিচি নিৰ্বাচনৰ প্ৰথমখন জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।
বিটিচিত এই বাৰ বিজেপিৰ চৰকাৰঃ ড৹ হিমন্ত বিশ্ব শৰ্মা বিশাল জনসভাত অংশগ্ৰহণ কৰি বিটিচিত বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব বুলি দাবী কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইপিনে ১৫ ডিচেম্বৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বিটিচিৰ পৰিষদীয় চৰকাৰে শপত ল’ব বুলিও সভাত ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
বিটিচিত এই বাৰ বিজেপিৰ চৰকাৰঃ ড৹ হিমন্ত বিশ্ব শৰ্মা আনহাতে বিপিএফ দলে নিৰ্বাচনৰ আগত সকলো দিম বুলি কয়; কিন্তু ১৫ বছৰে প্ৰকৃততে একো নিদিলে বুলি কৈ বিপিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে। একদৰে মন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ দিল্লী-দিছপুৰত থকা চৰকাৰে বিটিচি উন্নয়নৰ বাবে যি সমূহ সাহায্য প্ৰদান কৰে, সেই টকাৰ কোনো হিচাপ-নিকাচ নাই ৷
একেদৰে ৰাস্তা-পদুলিৰ অৱস্থা নাই, আমাৰ চৰকাৰে ৰাস্তা-পদুলিৰ উন্নয়নৰ বাবে পুঁজিৰ যোগান ধৰে; কিন্তু টকা সমূহ কি হয় সেইয়া কোনো নাজানে ৷ ইফালেদি নিৰ্বাচনৰ আগতহে সকলো জাতি-জনগোষ্ঠীলৈ মনত পৰে হাগ্ৰামাৰ। হাগ্ৰামাই বিটিচিৰ ৰাইজক ব্ৰয়লাৰ চিকেনৰ দৰে ব্যবহাৰ কৰাৰো অভিযোগ তুলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
লগতে বিজেপি দলে বিটিচিত সম অধিকাৰ সম উন্নয়ন স্থাপন কৰিব ৰাইজক আশ্বাস প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ হাগ্ৰামাৰ টেঙা আম আৰু কোনোও নিকিনে বুলিও বিপিএফ দলক কটাক্ষ কৰে ৰাজ্য চৰকাৰ প্ৰভাবশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়কঃ ইণ্ডিগ বিমানৰ টিকট কাটিলে অলপ সাৱধান হওক !