কোকৰাঝাৰ, ১অক্টোবৰ : কৰ'ণাৰ সংকটকালত বাইক ৰেলীৰ আয়োজন কৰি আৰক্ষীৰ বাধাৰ সন্মুখীন হ'ল বি পি এফ । বি টি চিত কৰ'ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ আশংকাত নিৰ্বাচনৰ দিন পিছুৱাই দিয়া হৈছে । হাগ্ৰামা মহিলাৰীৰ শাসনকাল অন্ত পৰাৰ পিছত বৰ্তমান ৰাজ্যপালৰ শাসন অব্যাহত আছে বি টি চিত । ৰাজ্যপালৰ শাসন অব্যাহত থকাক লৈ আপত্তি দৰ্শাই অহা বি এ পি এফে চৰকাৰৰ নিৰ্দেশক আওকাণ কৰি বৃহস্পতিবাৰে বাইক ৰেলী উলিয়ায় । কিন্তু কোকৰাঝাৰত বাইক ৰেলীত বাধা প্ৰদান কৰে আৰক্ষীয়ে ।
মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে । অধিক জনসমাগম হোৱাৰ বাবে বৃহস্পতিবাৰে বি পি এফৰ কৰ্মকৰ্তাই উলিওৱা বাইক ৰেলীত বাধা প্ৰদান কৰে আৰক্ষীয়ে । অহা ২৭ অক্টোবৰ অৰ্থাৎ ৰাজ্যপালৰ শাসন অন্ত পৰা পূৰ্বে বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰা ধাৰাবাহিক আন্দোলনৰ অংশ হিচাপে বৃহস্পতিবাৰেও বি টি চিৰ বিভিন্ন প্ৰান্তত বি পি এফে বাইক ৰেলী উলিয়ায় ।