অসম

assam

ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী নেমছুৰ - ছাত্ৰ বৃত্তি

সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদানত ৫০০ কোটি ৪০ লাখ ৪ হাজাৰ টকাৰ কেলেংকাৰী হোৱাৰ বিস্ফোৰক অভিযোগ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ। এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণৰ দাবী সংগঠনটোৰ।

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী নেমছুৰ
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী নেমছুৰ

By

Published : Oct 20, 2020, 10:59 AM IST

কোকৰাঝাৰ, ২০অক্টোবৰ: সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়ণৰ কাৰণে মুকলি কৰি দিয়া ছাত্ৰ বৃত্তি প্ৰদানত ব্যাপক অনিয়ম সংঘটিত হোৱাক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠিছে। সোমবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ৫০০ কোটি ৪০ লাখ ৪ হেজাৰ টকাৰ কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ নেতাগৰাকীয়ে। তেওঁ কয় যে, বিগত ২০১৬-১৭, ২০১৭-১৮, ২০১৮-২০১৯ আৰু ২০১৯-২০ বিত্তীয় বাজেটত আবন্টন দিয়া ছাত্ৰ বৃত্তিৰ ধন একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক, চি এছ পিৰ স্বত্বাধিকাৰী আৰু দালালে আত্মসাৎ কৰাৰ অভিযোগ পূৰ্বে উত্থাপিত হৈছিল। এই ঘটনাক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চি আই ডিক তদন্তৰ দায়িত্বও দিয়ে।

কিন্তু দায়িত্ব অৰ্পণৰ ২ মাহ উকলি যোৱাৰ পিছতো ধন আত্মসাৎ কৰা দালালবোৰক গ্ৰেপ্তাৰ কৰি তদন্তৰ আওঁতালৈ আনিবলৈ সক্ষম হোৱা নাই তদন্তকাৰী সংস্থাটোৱে। সেয়েহে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতৃত্বই এই কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি আই ডিৰ পৰিৱৰ্তে চি বি আইৰ ওপৰত ন্যস্ত কৰিবলৈ দাবী জনাইছে৷ আনহাতে, বিগত ২০১৭-১৮, ২০১৮-২০১৯ এই দুটা বিত্তীয় বৰ্ষত অসম চৰকাৰৰ চৰ সঞ্চালকালয়ৰ কাৰ্যালয়ত ৩০০ কোটিৰো অধিক টকাৰ কেলেংকাৰী হোৱাৰো বুলি অভিযোগ কৰে। ছাত্ৰ নেতাগৰাকীয়ে সংবাদ মেলত কয় যে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সোণোৱালক দিছপুৰত সাক্ষাৎ কৰি উচিত তদন্তৰ বাবে দাবী জনোৱা হৈছিল যদিও ৰহস্যজনক কাৰণত আজিও তদন্ত নহ’ল। আনকি উক্ত কেলেংকাৰীৰ সৈতে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্ত জড়িত আছে বুলি বিস্ফোৰক অভিযোগ আনিছে৷

আৰক্ষী বিভাগত উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীত যিদৰে মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীলতাৰ ফৰ্মূলা ব্যৱহাৰ কৰিছে, অনুৰূপ ধৰণে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আৰু চৰ সঞ্চালকালয়ৰ ধনৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰিলে বহু ৰৌ-বৰালি জালত পৰিব বুলিও কয়৷

লগতে পঢ়ক:উচিত ক্ষতিপূৰণৰ দাবীৰে গুৱাহাটীত বাঘজানবাসীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details