কোকৰাঝাৰ, 29 আগষ্ট :ৰাজ্যজুৰি লাভ জেহাদ, প্ৰলোভন অপহৰণক লৈ কেইবাটাও শিহৰণকাৰী ঘটনা সংঘটিত হোৱাৰ সময়তে কোকৰাঝাৰত দৈব্যক্ৰমে অপহৰণকাণ্ডৰ পৰা ৰক্ষা পৰে এগৰাকী নাবালিকা যুৱতী । কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাৰ এগৰাকী নাবালিকা যুৱতীক বৃহস্পতিবাৰে ভোটগাঁৱৰ মহম্মদ ফাৰুকৰ নেতৃত্বত ছয়জনীয়া এটা দলে অপহৰণ কৰিব বিচাৰোতেই স্থানীয় ৰাইজৰ সজাগতাৰ বাবে দৈব্যক্ৰমে ৰক্ষা পৰে যুৱতীগৰাকী ।
মহম্মদ ফাৰুক আব্দুলাই প্ৰথমে ছ’চিয়েল মিডিয়াত নাবালিকাগৰাকীৰ সৈতে বন্ধুত্ব গঢ়ি তোলে । নৃত্য-গীতত পাৰ্গত যুৱতীগৰাকীক ইউটিউবত বিশ্ববিখ্যাত কৰি তোলাৰ কথা দি যুৱকৰ দলটোৱে এখন বলেৰ'ত উঠাই ভাৰত-ভূটান সীমান্তৰ দিশে ধাৱমান হয় ।
স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি কৌশলেৰে তেওঁলোকক আটক কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে ।