অসম

assam

ETV Bharat / state

BTC Council anniversary : কোকৰাঝাৰত আই টি পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে - বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি

বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি (BTC Council anniversary) উপলক্ষে কোকৰাঝাৰৰ চান্দামাৰীত মুকলি আই টি পাৰ্ক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে এই আই টি পাৰ্কখন (Assam CM inaugurates IT park at Chandamari)। অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় ৰে'লমন্ত্ৰী দৰ্শনা জাৰদোশ ।

Anniversary of BTR Council Govt
কোকৰাঝাৰৰ চান্দামাৰীত মুকলি আই টি পাৰ্ক

By

Published : Dec 18, 2021, 2:19 PM IST

Updated : Dec 18, 2021, 4:32 PM IST

কোকৰাঝাৰ, ১৮ ডিচেম্বৰ :প্ৰমোদ বড়ো নেতৃত্বধীন মিত্ৰজোঁট বিটিআৰ পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি পালন (BTC Council anniversary) । প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীত মুকলি বিটিআৰৰ প্ৰথমখন আই টি পাৰ্ক (IT Park inaugurated at Chandamari in Kokrajhar)। শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে আই টি পাৰ্কখন (Assam CM inaugurates IT park at Chandamari)।

কোকৰাঝাৰত আই টি পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

পাৰ্ক মুকলি অনুষ্ঠানত কেন্দ্ৰীয় ৰে'লমন্ত্ৰী দৰ্শনা জাৰদোশৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত থাকে । আই টি পাৰ্কৰ প্ৰেক্ষাগৃহত এক মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় । য'ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ CIT আৰু বি বি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে ৷

কোকৰাঝাৰৰ চান্দামাৰীত মুকলি আই টি পাৰ্ক

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ গ্ৰীণ ফিল্ডৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে চান্দামাৰীত উপস্থিত হয় । অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী আৰু জিৰণ বসুমতাৰীয়ে মুখ্যমন্ত্ৰী গৰাকীক আৰনাইৰে আদৰণি জনায় ৷

কোকৰাঝাৰত আই টি পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

আই টি পাৰ্ক মুকলি অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ত উপস্থিত হৈ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সচিবালয়ৰ পথাৰত অনুষ্ঠিত হোৱা মুকলি সভা তথা বিশাল জনসভাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :First sports university in Assam : অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ

Last Updated : Dec 18, 2021, 4:32 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details