অসম

assam

By

Published : Sep 16, 2019, 11:31 PM IST

ETV Bharat / state

NRCৰ ভিত্তিবৰ্ষ 1971 চন হোৱা বাবেই অন্তৰ্ভুক্ত বাংলাদেশীৰ নাম

ভিত্তিবৰ্ষ 1971 চন হোৱা বাবেই  হাজাৰ হাজাৰ মুছলমান বাংলাদেশীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ উপৰিও খিলঞ্জীয়া ভূমিপুত্ৰ আৰু ভাৰতীয় হিন্দু নাগৰিক NRC ৰ পৰা বাদ পৰে বুলি মন্তব্য কৰে । কেৱল ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মইমতালি বাবে এনেকুৱা হৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে ।

NRC ৰ বছৰ সীমা 1971 চন হোৱা বাবেই অন্তৰ্ভুক্ত বাংলাদেশীৰ নাম

কোকৰাঝাৰ, 16 চেপ্তেম্বৰঃ NRC ৰ ভিত্তিবৰ্ষ 1971 চনৰ সলনি 1951 চনহে হ'ব লাগে ৷ এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ দলীয় সভাপতি বলেন বৈশ্যৰ ৷ সোমবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ ভিত্তিবৰ্ষ 1971 চন হোৱা বাবেই হাজাৰ হাজাৰ মুছলমান বাংলাদেশীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ উপৰিও খিলঞ্জীয়া ভূমিপুত্ৰ আৰু ভাৰতীয় হিন্দু নাগৰিক NRC ৰ পৰা বাদ পৰে বুলি মন্তব্য কৰে । কেৱল ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মইমতালি বাবে এনেকুৱা হৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে ।

NRC ৰ বছৰ সীমা 1971 চন হোৱা বাবেই অন্তৰ্ভুক্ত বাংলাদেশীৰ নাম

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাক অভিযোগ তুলি কয়, NRCৰ ভিত্তিবৰ্ষ 1951 চনৰ সলনি 1971 চন গ্ৰহণ কৰা উদ্দেশ্য কি, কিহৰ ভিত্তিত এই চুক্তি কৰিলে বুলি প্ৰশ্ন কৰে সভাপতি বলেন বৈশ্যই ।

ABOUT THE AUTHOR

...view details