গোসাইগাঁও, 19 আগষ্টঃ অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ বীৰপাৰাৰ নিকটৱৰ্তী দলগাৱঁৰ ৰাষ্ট্ৰীয় ঘাই পথত এটা প্ৰকাণ্ড চিতা বাঘ গাড়ীৰ খুন্দাত গুৰুতৰ আহত হয়। ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ যাওঁতে এখন চাৰিচকীয়া গাড়ীয়ে খুন্দা মৰাত দলগাঁও চাহ বাগিচাৰ নলাত ছিটিকী পৰে।
শিহৰণকাৰী দৃশ্যঃ বংগত গাড়ীৰ খুন্দাত মৃত্যু বাঘৰ
অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ দলগাৱঁত সোমবাৰে ৰাষ্ট্ৰীয় পথত তীব্ৰ বেগী গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এটা প্ৰকাণ্ড চিতা বাঘ । বাঘটো উদ্ধাৰ কৰা হয় যদিও চিকিৎসা কৰি থকা অৱস্থাতে মৃত্যু হয় বাঘটোৰ ।
বংগত গাড়ীৰ খুন্দাত বাঘৰ মৃত্যু
বাঘটোৱে কঁকালত প্ৰচণ্ড আঘাত পোৱাৰ বাবে উঠিব পৰা নাছিল আৰু অতিশয় ৰক্তপাত হোৱাত ক্ৰমাৎ দুৰ্বল হৈ পৰে বাঘটো৷পিছত উক্ত খবৰ পাই জলদা পাৰা বন কায্যালয়ৰ পৰা এটা বন বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যবস্থা কৰে । কিন্তু আঘাতপ্ৰাপ্ত বাঘটোৱে খয়াৰবাৰী বাঘ উদ্যানলৈ নি থকা অৱস্থাতেই মৃত্যুক সাৱটি লয়।