গোঁসাইগাও, ১ জুলাই: জৈৱিক সাৰেৰে বিভিন্ন শস্য তথা পাচলিৰ খেতি কৰি শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰিলে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ আদৰ্শ খেতিয়ক শ্ৰী দেৱনাথ মুছাহাৰীয়ে। কৃষিকৰ্মৰে পৰিয়াল পোহপাল দিয়া দেৱনাথ মুছাহাৰীয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে জিকা, জলকীয়া, বেঙেনা, আলু আদিৰ লগতে উন্নত জাতৰ মাকৈ খেতি কৰাৰ উপৰিও এৰি পোক, খৰ্গছ, কটক নাথ চৰাই তথা ছাগলী আৰু উন্নত জাতৰ গাহৰি আদি পালন কৰি আহিছে।
দেৱনাথ মুছাহাৰীঃ কৃষি কৰ্মৰে বিপ্লৱৰ সূচনা কোকৰাঝাৰৰ যুৱকৰ - organic
জৈৱিক সাৰ প্ৰয়োগ তথা প্ৰাকৃতিক উপায়ৰে খেতি কৰি লাভ কৰিলে বৰ্ষশ্ৰেষ্ঠ কৃষকৰ বঁটা ।
ইমানেই নহয়, মুছাহাৰিয়ে নিজেই কেঁচুসাৰ প্ৰস্তুত কৰি ব্যৱহাৰৰ লগতে বিভিন্ন অঞ্চলত যোগান ধৰিছে । তেওঁ নিজ ঘৰতে এৰি পলু পালনৰ দ্ধাৰা মুগা উৎপাদন কৰি তৈয়াৰ কৰা সূঁতা প্ৰতি কেজি পোন্ধৰশ টকাত বিক্ৰী কৰি যথেষ্ট মুনাফা অৰ্জন কৰি নিবনুৱা সকলক এক বিকল্প পথৰ সন্ধান দিছে। কেৱল কৃষি কাৰ্যই নহয় জৈৱিক সাৰৰ ব্যৱহাৰ তথা অধিক উৎপাদন সন্দৰ্ভত ৰাজ্যৰ বাহিৰত বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালা আদিতো অংশগ্ৰহণ কৰিছে দেৱনাথ মুছাহাৰীয়ে।
এইজন আদৰ্শবান কৃষকৰ পৰা কৃষিকৰ্মৰ বাস্তৱ জ্ঞান লবলৈ ইতিমধ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেতিয়কৰ তেওঁৰ ঘৰলৈ সোঁত বৈছে । এই বৰ্ষত মাকৈ উৎপাদনত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে আই চি এ আৰে মুছাহাৰিক শ্ৰেষ্ঠ কৃষক বঁটা প্ৰদান কৰিছে । শেহতিয়াকৈ তেওঁ ডায়েবেটিচ, কেঞ্চাৰৰ দৰে জটিল ৰোগৰ ঔষধ হিচাপে ব্যৱহৃত কটক নামৰ কুকুৰা চৰাইও পালন কৰিছে, যাৰ প্ৰতি কেজিৰ বজাৰ দৰ পোন্ধৰশ টকা। দেৱনাথ মুছাহাৰি এগৰাকী খেতিয়ক হোৱাৰ উপৰিও এজন প্ৰকৃতিপ্ৰেমী ব্যক্তি হিচাপেও সমাজত স্বীকৃত। যি সময়ত অসমীয়াই কৃষি কৰ্ম ত্যাগ কৰি বহি ৰাজ্যত শ্ৰমিক হ'বলৈ ঢাপলি মেলিছে তেনে এক সময়ত দেৱনাথ মুছাহাৰীৰ দৰে লোকে এক ইতিবাছক উদাহৰণ দাঙি ধৰি আন বহুলোকৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হৈ পৰিছে ৷