কোকৰাঝাৰ, ১৩ জুলাই : বিটিচিত ৰাজ্যপালৰ শাসনক প্ৰত্যাহ্বান জনাই বিপিএফৰ নেৰশ্বন বড়ো আৰু জগদীশ সৰকাৰে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা WT(C) 2143/2020 নম্বৰৰ লেখ আবেদন সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰাত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত বিটিচিত ৰাজ্যপাল শাসন বৰ্তি থকাটো নিশ্চিত হৈছে ।
এই আবেদন নাকচ হোৱাৰ পিচতে ইউপিপিএল দলে নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানক আদৰণি জনাই এয়া ৰাইজৰ জয় বুলি অভিহিত কৰিছে । লগতে তেওঁ জনাই যে,এই ৰায়দান সত্যৰ জয়,এই ৰায়দান দুৰ্নীতি-ভ্ৰষ্টাচাৰ, স্বৈৰাচাৰী আৰু একনায়ত্বৰ বিৰুদ্ধে জয় বুলি মন্তব্য কৰি ইউপিপিএল দলৰ মুখপত্ৰ পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে নিৰ্বাচনত বিপিএফ হৰাটো আৰম্ভ হ’ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।