অসম

assam

ETV Bharat / state

কোকৰাঝাৰত নকল টকা বিতৰণ কৰি ৰঙাঘৰৰ আলহী গাঁও পঞ্চায়তৰ সদস্য

কোকৰাঝাৰ আৰক্ষীৰ জালত লক্ষাধিক নকল টকা সহ আটক এজন যুৱক ৷ যুৱকজন বঙাইগাঁও জিলাৰ বড়িগাঁও গাঁও পঞ্চায়ত এজন সদস্য ছাদ্দাম হুছেইন বুলি চিনাক্তকৰণ ৷

By

Published : Oct 22, 2019, 11:03 AM IST

ছাদ্দাম হুছেইন

কোকৰাঝাৰ, 22 অক্টোবৰ:ৰাজ্যত চলিছে নকল নোটৰ প্ৰচলন ৷ সেয়ে টকা লোৱাৰ সময়ত সাৱধান হওঁক আপুনিয়ো কাৰণ এক বিশেষ সূত্ৰৰ পম খেদি কোকৰাঝাৰ আৰক্ষীয়ে জালত পেলাইছে এজন নকল টকা ব্যৱসায়ীক ৷ ঘটনা সন্দৰ্ভত কোকৰাঝাৰৰ কাচুগাঁৱত সোমবাৰেনিশা নকল ভাৰতীয় মুদ্ৰা (FICN) বিতৰণ কৰি থকাৰ সময়তে কোকৰাঝাৰ আৰক্ষীয়ে কৰায়ত্ব কৰে বঙাইগাঁও জিলাৰ বড়িগাঁও গাঁও পঞ্চায়তৰ সদস্য ছাদ্দাম হুছেইনক ৷ ছাদ্দাম বঙাইগাঁও জিলাৰ পৰেচৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ নকল টকা ব্য়ৱসায়ীজনৰ পৰা আৰক্ষীয়ে 2,17,900 নকল টকাৰ লগতে এখন স্কুটি আৰু কিছু নথি-পত্ৰও জব্দ কৰিছে ৷ উল্লেখযোগ্য যে, অধিক তথ্যৰ বাবে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত তদন্ত চলোৱাৰ লগতে যুৱকজনৰ ওপৰটো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

কোকৰাঝাৰত নকল টকা বিতৰণ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details