অসম

assam

ETV Bharat / state

ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰাৰ দাবী প্ৰাক্তন এনডিএফবি সদস্যৰ - NDFB

এনডিএফবিৰ প্ৰাক্তন সদস্যসকলে বিটিআৰ চুক্তিৰ প্ৰধান স্বাক্ষৰকাৰী সকলৰ ভিতৰত অন্যতম ৰঞ্জন দৈমাৰীক কাৰাগাৰত আবদ্ধ কৰি ৰখাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৷

ex-ndfb-demands-realise-ranjan-daimary
ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰাৰ দাবী প্ৰাক্তন এনডিএফবি সদস্যৰ

By

Published : Oct 6, 2020, 5:45 PM IST

কোকৰাঝাৰ, ৬ অক্টোবৰ : নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড চমুকৈ এনডিএফবি গোটৰ প্ৰাক্তন সদস্যসকলে এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰী আৰু অন্যান্য সদস্যসকলক জেলৰ পৰা মুকলি কৰা, এনডিএফবি নেতা আৰু কেডাৰৰ গোচৰ নিষ্পত্তি, বিটিআৰ একৰ্ডক সোনকালে ৰূপায়ণ কৰাৰ দাবী জনায়।

এতিয়া নিষ্ক্ৰিয় হৈ থকা এনডিএফবিৰ পূৰ্বৰ সদস্যসকলে মঙলবাৰে কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত তেওঁলোকৰ দাবী সমূহ পূৰণৰ দাবীত প্রতিবাদ সাব্যস্ত কৰে। কোকৰাঝাৰৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ এনডিএফবিৰ প্রাক্তন সদস্যসকলে এনডিএফবিৰ প্ৰতিষ্ঠাপক ৰঞ্জন দৈমাৰী আৰু কাৰাগাৰত বন্দী এনডিএফবিৰ অন্যান্য সদস্যসকলক আগতীয়াকৈ মুকলি কৰিবলৈ দাবী জনায়। বড়োলেণ্ড আন্দোলনৰ শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা সোনকালে কৰা ৷

এনডিএফবিৰ প্ৰাক্তন সদস্য সকলে বিটিআৰ চুক্তিৰ প্ৰধান স্বাক্ষৰকাৰী সকলৰ ভিতৰত অন্যতম ৰঞ্জন দৈমাৰীক কাৰাগাৰত আবদ্ধ কৰি ৰখাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ

ABOUT THE AUTHOR

...view details