অসম

assam

ETV Bharat / state

পৰিৱেশ দিৱস উদযাপনেৰে বাচি থাকিব নে পৰিৱেশ ? - কোকৰাঝাৰত বিশ্ব পৰিৱেশ দিৱস পালন

আজি বিশ্ব জুৰি পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস । কোকৰাঝাৰতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । কিন্তু পৰিৱেশ দিৱস উদযাপনেৰে বাচি থাকিব নে পৰিৱেশ ? সাম্প্ৰতিক সময়ত ই এক বৃহৎ প্ৰশ্ন । কাৰণ উন্নয়নৰ নামত সঘনাই চলি আহিছে বন ধ্বংসযজ্ঞ ।

Environment Day Celebrate at Kokrajhar
Environment Day Celebrate at KokrajharEnvironment Day Celebrate at Kokrajhar

By

Published : Jun 5, 2020, 8:14 PM IST

কোকৰাঝাৰ, 5 জুনঃ অপৰূপ সৌন্দৰ্যৰ অধিকাৰী হৈছে এই ধৰণী । ফুলে-ফলে জাতিষ্কাৰ এই পৃথিৱী । প্ৰকৃতি অবিহনে জীৱন বৃথা । প্ৰকৃতি অবিহনে জীৱৰ অস্তিত্ব অকল্পনীয় । বিনন্দীয়া পৃথিৱীৰ অপৰূপ সৌন্দৰ্যই সকলোকে মোহিত কৰে । প্ৰদুষণমুক্ত প্ৰকৃতিয়ে প্ৰাণৱন্ত কৰি ৰাখে সকলোৰে মন,শৰীৰ । পৃথিৱীৰ এই অপৰূপ সৌন্দৰ্যই সদায়ে সকলোকে মোহিত কৰি আহিছে । কিন্তু এনে পৰিৱেশ সদায়ে অক্ষুণ্ণ থাকিবনে ? যি হাৰত বনধ্বংস,অৰণ্যধ্বংস আৰম্ভ হৈছে ভৱিষ্যত প্ৰজন্মই বাৰু প্ৰকৃতিৰ এই অনাবিল সৌন্দৰ্য উপভোগ কৰিব পাৰিব নে ? নে মাথো সাধুকথা হে হৈ ৰ'ব ? এসময়ত ইয়াত এখন অৰণ্য আছিল... ইয়াক লৈ এতিয়া উঠিছে এতিয়া বৃহৎ প্ৰশ্ন ।

কোকৰাঝাৰত পালন বিশ্ব পৰিৱেশ দিৱস

কিন্তু এনে এক সংকটময় পৰিৱেশৰ মাজতো শুকুৰবাৰে বিশ্বজুৰি উদযাপিত কৰা হয় বিশ্ব পৰিৱেশ দিৱস । কোকৰাঝাৰ জিলাৰ ভিন্ন প্ৰান্ততো পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস । পৰিৱেশ দিৱসৰ উপলক্ষে বিভিন্ন ঠাইত ৰোপণ কৰা হ'ল গছ-পুলি ।

এতিয়া প্ৰশ্ন, আজিৰ দিনটোতেই কেৱল বৃক্ষ ৰোপণ কৰিব নেকি মাথো দিৱস উদযাপন কৰিবলৈকে । ইয়াৰে দুই এডাল গছ হয়তো বাচিব কিন্তু অধিকাংশই মৰহি যাব । প্ৰতিবছৰে পৰিৱেশ দিৱস আহিব,উদযাপিত হ'ব পৰিৱেশ দিৱস কিন্তু পৰিৱেশ ৰক্ষা পৰিবনে ? যদিহে পৰিৱেশৰ প্ৰতি সঁচাকৈ সচেতনতা বৃদ্ধি নহয় তেন্তে দিৱস উদযাপন কৰি কাহানিও ৰক্ষা নপৰিব এই ধৰণী,পৰিৱেশ ।

বিশ্ব পৰিৱেশ দিৱসত সকলোৰে এটাই আশা প্ৰকৃতি হৈ থাকক বিনন্দীয়া,চিৰদিনে অম্লান হৈ থাকক ফুলে-ফলে জাতিষ্কাৰময় হৈ থাকক সেউজ পৃথিৱী । ধুনীয়া ধৰণীয়ে মতলীয়া কৰি ৰাখক আমাৰ শৰীৰ-মন-যৌৱন ।

লগতে চাওকঃ বিটিচিত 40লাখ গছপুলি ৰোপনৰ ঘোষণা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ

ABOUT THE AUTHOR

...view details