কোকৰাঝাৰ , 04 জুন :মঙলবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আছাই অসম সাহিত্য সভাৰ বিষয়ববীয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা 'বৈচিত্ৰময় অসম' নামৰ পাঠ্যপুথি খনৰ 43 আৰু 46 পৃষ্ঠাত আদিবাসী জনগোষ্ঠীটোক চাহ জনগোষ্ঠী বুলি লিপিবদ্ধ কৰা হৈছিল ৷ এই কাণ্ডটোকলৈ আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন সমূহ জাঙুৰ খাই উঠে ৷
বৈচিত্ৰময় অসমঃ আদিবাসীক বুলিলে চাহ জনগোষ্ঠী ! - gosaigaon
অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা 'বৈচিত্ৰময় অসম' নামৰ পাঠ্যপুথি খনৰ 43 পৰা 46 পৃষ্ঠাত ভাৰতৰ পুৰণি আদিবাসী জনগোষ্ঠীটোক চাহ জনগোষ্ঠী বুলি লিপিবদ্ধ কৰা হৈছিল ৷
সেয়ে উক্ত কাৰ্যৰ প্ৰতিবাদ জনাই আজি গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আছাই অসম সাহিত্য সভাৰ বিষয়ববীয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মকৰ্তা সকলে সুশীল কুৰ্মী মুৰ্দাবাদ, আদিবাসী সকলক লৈ ষড়যন্ত্ৰ নচলিব,অসম সাহিত্য সভা হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰা জিলা উপদেষ্টা পিটাৰ হাছদাই কয় যে, সুশীল কুৰ্মীৰ এনে লিখনীয়ে ভবিষ্যতে জনগোষ্ঠীটোক পংগু কৰি পেলাব আৰু অসমৰ ইতিহাসত জনগোষ্ঠীৰ নামটো ভূলকৈ লিপিবদ্ধ হৈ ৰ'ব ৷ গতিকে সংগঠনটোৱে এনে ভুৱা নামৰ নামাকৰণ উঠাই লবলৈ দাবী কৰে অন্যথা আৰু তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী দলটোৱে ৷