অসম

assam

ETV Bharat / state

কোকৰাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

কোকৰাঝাৰত উপস্থিত ভাস্কৰজ্যোতি মহন্ত ৷ আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কোকৰাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকী ৷ বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ আৰক্ষীৰ শীৰ্ষ বিষয়া, চিআৰপিএফ, এছএছবি আৰু সেনাবাহিনীৰ উচ্চপদস্থ বিষয়া বৰ্গৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মহন্ত ৷ আইনশৃংখলা জনিত পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখাৰ নিৰ্দেশ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ ৷

As_kjr_01_DGP_bhaskarjyoti_mahanta_visit_Kokrajhar_vis_img_10044
dgp bhaskarjyoti mahanta visits kokrajhar

By

Published : Feb 17, 2021, 4:27 PM IST

Updated : Feb 17, 2021, 5:58 PM IST

কোকৰাঝাৰ, 17 ফেব্ৰুৱাৰী:আইন শৃংখলা জনিত পৰিৱেশ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চলক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ কোকৰাঝাৰত উপস্থিত হৈয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত আৰক্ষীৰ শীৰ্ষ বিষয়া, চিআৰপিএফ, এছএছবি আৰু সেনাবাহিনীৰ উচ্চপদস্থ বিষয়া বৰ্গৰ সতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷

আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কোকৰাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

জিলা খনৰ আইন শৃংখলাৰ বিষয়ক লৈ অনুষ্ঠিত বৈঠক খনত আইন শৃংখলাজনিত পৰিৱেশৰ যাতে কোনো অৱনতি নহয় তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰাখিবৰ বাবে মহন্তই সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ প্ৰদান কৰে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বৰ্তমান অঞ্চলটোৰ পৰিৱেশ যথেষ্ট খিনি সুস্থিৰ হৈছে আৰু অঞ্চলটোক শান্তিৰ বিটিআৰ বুলি অভিহিত কৰা হৈছে ৷

শান্তি ব্যাহত কৰা আৰু শান্তি স্থাপনৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰা কোনো অপশক্তিয়েই অসম আৰক্ষীৰ পৰা হাত সাৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, যদি কোনো অপশক্তিয়ে অস্ত্ৰৰ ৰাজনীতি কৰে বা অস্ত্ৰৰ খেল খেলে তেন্তে সেই অপশক্তিৰ বিপদ হোৱাটো নিশ্চিত ৷ যুৱচামক সুন্দৰৰ সপোন দেখিবলৈ আহ্বান জনোৱাৰ লগতে সকলো জাতি জনগোষ্ঠীৰে উন্নয়নো কামনা কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠক খনত বিটিআৰৰ আইজিপি অনুৰাগ আগৰৱাল, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ আৰু চিআৰপিএফ ৰ লগতে এছএছবিৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷

লগতে পঢ়ক:মাজবাট সংহত শিশু উন্নয়ন কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ

Last Updated : Feb 17, 2021, 5:58 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details