শ্ৰীৰামপুৰত উদ্ধাৰ মৃতদেহ - অসম নিউজ
বৃহস্পতিবাৰে পুৱা টায়াৰৰ দোকানৰ মালিকজনে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক । আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে উপস্থিত হয় ঘটনাস্থলীত ৷ আনহাতে, আৰক্ষীয়ে প্ৰাথমিক তদন্তত মৃতদেহটোৰ ওচৰতে লাভ কৰে এখন মোনা
কোকৰাঝাৰ, 6 জুন: কোকৰাঝাৰ বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি মৃতদেহ ৷ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ নিলগত থকা ছীমপ্লেক্স কোম্পানীৰ সন্মুখত থকা এখন টায়াৰৰ দোকানত শুই থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ প্ৰত্যক্ষদৰ্শীৰ ভায্য অনুসৰি, বৃহস্পতিবাৰে পুৱা টায়াৰৰ দোকানৰ মালিকজনে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তত মৃতদেহৰ ওচৰত লাভ কৰে এখন মোনা ৷ মোনাখনৰ ভিতৰত আছিল ঔষধ আৰু চিকিৎসকৰ প্ৰেছক্ৰিপছন ৷ প্ৰেছক্ৰিপছনৰ পৰাই মৃত ব্যক্তিজনৰ নাম ৰাজেশ শৰ্মা (50) বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, নেপালৰ এই ৰাজেশ শৰ্মা নামৰ ব্যক্তিজন দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে । অৱশেষত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।