বিদ্যুৎ বিভাগৰ গাফিলতিঃ পুনৰ শ্ৰমিকৰ মৃত্যু - গোসাইগাঁও
সৌভাগ্য আঁচনিৰ বিদ্যুৎ সংযোগ প্ৰদান কৰি বাল্ব লগোৱাৰ কাম কৰি থকা অৱস্থাত নুৰ আলম শ্বেখ ১১০০০ কেভি তাঁৰৰ সংস্পৰ্শত আহি বিদ্যুৎস্পৃষ্ট হয় আৰু মূহুৰ্তৰ ভিতৰতে প্ৰাণ হেৰুৱাই ।
গোসাইগাঁও ২৮ জুলাইঃ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ পৰিণতিত দেওবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ছেৰফাংগুৰি গাঁৱৰ এজন যুৱক বিদ্যুৎস্পৃষ্ট হৈ অকালতে প্ৰাণ হেৰুৱাব লগীয়া হয় । জানিব পৰা মতে, সৌভাগ্য আঁচনিৰ ঠিকাদাৰ কৃষ্ণ সাহাৰ অধীনত শ্ৰমিকৰ কাম কৰিবলৈ গৈ আজি ছেৰফাংগুৰি গাঁৱৰ বাসিন্দা ছহিদ আলী শ্বেখৰ পুত্ৰ নুৰ আলম শ্বেখ (১৮) বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে । ধুবুৰী জিলাৰ সাপটগ্ৰাম চহৰৰ ডিপো ৰোডত আজি সৌভাগ্য আঁচনিৰ বিদ্যুৎ সংযোগ প্ৰদান কৰি বাল্ব লগোৱাৰ কাম কৰি থকা অৱস্থাত নুৰ আলম শ্বেখ ১১০০০ কেভি তাঁৰৰ সংস্পৰ্শত আহি বিদ্যুৎস্পৃষ্ট হয় আৰু মূহুৰ্তৰ ভিতৰতে প্ৰাণ হেৰুৱাই । বিদ্যুতৰ কাম কৰি থকা সময়ত বিদ্যুৎ কৰ্তন কৰাটো বাধ্যতামূলক কিন্তু বিদ্যুৎ বিভাগৰ সাপটগ্ৰামস্থিত কাৰ্যালয়ৰ সংশ্লিষ্ট কৰ্মচাৰীৰ চুড়ান্ত অৱহেলা আৰু ঠিকাদাৰৰ গাফিলতিৰ ফলতে আজি সেইটো লাইনৰ বিদ্যুৎ কৰ্তন নকৰাকৈয়ে শ্ৰমিকক কাম কৰিবলৈ পঠায় ঠিকাদাৰ জনে আৰু শ্ৰমিকজনে নিজৰ কাম কৰিবলৈ গৈ মৃত্যুমুখত পৰিবলগীয়া হয় বুলি অভিযোগ উত্থাপন কৰিছে বাকী শ্ৰমিক সকলে । কাৰ ভুলৰ বাবে দৰিদ্ৰ এই শ্ৰমিকজনৰ কৰুণ মৃত্যু হ'ল তাৰ উচিত তদন্ত কৰি শাস্তি বিহাৰ লগতে নিহত শ্ৰমিকৰ পৰিয়াললৈ দহ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।