অসম

assam

ETV Bharat / state

বিটিআৰ চুক্তিৰ আধাৰত মুকলি হ'ল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় - Chirang

নিখিল বড়ো ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত শনিবাৰে বিটিআৰ চুক্তিৰ আধাৰত মুকলি হ'ল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়।

Chirang ABSU celebrate directorate
বিটিআৰ চুক্তিৰ আধাৰত মুকলি হল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়

By

Published : Sep 5, 2020, 10:53 PM IST

বাক্সা, 5 চেপ্টেম্বৰ : নিখিল বড়ো ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত শনিবাৰে বিটিআৰ চুক্তিৰ আধাৰত মুকলি হল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়। এবছুৰ উপ সভাপতি জয়ন্ত বসুমতাৰীয়ে কয় যে, বিটিআৰ চুক্তিৰ প্ৰথম টো ৬.৪ নং দফাৰ বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় আজি মুকলি কৰাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো জাতীয় সকলো দল সংগঠন আদি একত্ৰিত হৈ আনন্দ কৰে । ইয়াৰ দ্বাৰা অসমৰ বড়ো মাধ্যমৰ এক প্ৰধান সমস্যা দুৰ হোৱা বুলিও কয় ছাত্ৰ নেতা জনে। সুকীয়া শিক্ষা সঞ্চালকালয়ৰ পিচত সকলো দফাবোৰ ৰূপায়নৰ দাবী জনায় ।

বিটিআৰ চুক্তিৰ আধাৰত মুকলি হল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়
চিৰাং,5 চেপ্টেম্বৰ: চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা এবছুৰ কাৰ্য্যালয়ত শনিবাৰে বিয়লি ৪ বজাত বড়ো শিক্ষক,বুদ্ধিজীৱি তথা অন্যান্য বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্টিত হয় এক আদৰণি সভা । তাৰ পিচতে সন্ধীয়া শিক্ষক দিৱস উপলক্ষে ছাৰ সৰ্বপল্লী ৰাধা কৃষ্ণৰ প্ৰতিমুত্তিত বন্তি প্ৰজ্বলন,বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত বন্তিৱপ্ৰজ্বলন, স্মৃতি তৰ্পন,আৰু বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়ক আদৰণি জনাই ৰং বিৰঙী ফটকা ফুটাই আনন্দোৎসৱ উদযাপন কৰে। চিৰাং জিলা এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীকে আদি কৰি জিলাখনৰ বহুকেইটা বড়ো জাতীয় সংগঠনৰ সহস্ৰাধিক লোকে কাজলগাঁওৰ এই আনন্দ উৎসৱত অংশগ্ৰহণ কৰে ।
বিটিআৰ চুক্তিৰ আধাৰত মুকলি হল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়
কোকৰাঝাৰ, ৫ ছেপ্টেম্বৰ : বড়ো সকলৰ দীৰ্ঘদিনীয়া দাবী আৰু বিটিআৰ চুক্তি মৰ্মে ৰাজ্য চৰকাৰে সুকীয়া বড়ো ভাষা সঞ্চালকালয় গঠনক নিখিল বড়ো ছাত্ৰ সন্থায়ে আদৰণী জনাইছে | আজি কোকৰাঝাৰস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় ৱদৌফা হাউচত কেক কাটি আনন্দ প্ৰকাশ কৰে | শিক্ষা গুৰু সুৰ্ভপলী ৰাধাকৃষ্ণণক স্মৰণ কৰি সুকীয়া বড়ো ভাষা সঞ্চালকালয় গঠন হোৱাত এবছু কৰ্মকৰ্তায়ে আনন্দল্লাস কৰে |
বিটিআৰ চুক্তিৰ আধাৰত মুকলি হল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়বিটিআৰ চুক্তিৰ আধাৰত মুকলি হল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়

লগতে পঢ়ক :ৰাজনীতিত যোৱা শিল্পী সকলৰ বিষয়ে কি ক'লে জনপ্ৰিয় শিল্পী মৃদুল ভূঞাই ?

ABOUT THE AUTHOR

...view details