কৰিমগঞ্জ, 21 জানুৱাৰী: ত্ৰিপুৰাৰ কমলা সাগৰ এলেকাৰ দিলীপ দেৱনাথ আৰু মহামায়া দেৱনাথৰ ঘৰত জন্ম লয় এটি পুত্ৰ সন্তানৰ । সন্তানটোৰ জন্মৰ পাছতেই স্বামী-স্ত্ৰী চিন্তিত হৈ পৰে শিশুটোৰ লালন পালনকলৈ । অৱশেষত স্বামী-স্ত্ৰীয়ে তিনি লাখ টকাৰ বিনিময়ত হৰি নম নামৰ এগৰাকী ব্যক্তিক বিক্ৰী কৰি দিয়ে সন্তানটোক ।
তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক - TRIPURA
অভাৱৰ তাড়নাত নিজ সন্তানক বিক্ৰী কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত । জন্মৰ প্ৰায় তিনি দিনৰ পাছতেই শিশুটোৰ পিতৃ মাতৃয়ে তিনি লাখ টকাত বিক্ৰী কৰে সন্তানটোক ।
তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক
এই খবৰ পোহৰলৈ অহাৰ পাছত ৰাইজৰ মাজত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ । স্থানীয় লোক সহায়ৰ বাবে আগবাঢ়ি আহে আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে শিশুটোক । আনহাতে শিশুটোৰ পৰিয়ালে উল্লেখ কৰে যে তেওঁলোকে সন্তানটোক বিক্ৰী কৰা নাছিল ৷ শিশুটিক প্ৰতিপালন কৰাটো তেওঁলোকৰ পক্ষে অসম্ভৱ হৈ পৰাত পৰিয়ালটোক লালন পালনৰ বাবেহে দিছিল বুলি উল্লেখ কৰে ৷