কোকৰাঝাৰ,২৭ জুলাই: অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা নহ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে সদৌ বিটিআৰ অপ্ৰাদেশীকৃত শিক্ষক সন্থা (Provincialised of school) ৷ বিটিচি চুক্তিৰ ৬.৩ নং দফা অনুসৰি বিটিআৰত থকা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা হব বুলি আশা পালি থাকোতেই শিক্ষামন্ত্ৰীৰ ঘোষণাই বাস্তৱিকতে হতাশ কৰি তুলিছে বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক ।
শিক্ষামন্ত্ৰীগৰাকীৰ ঘোষণাৰ প্ৰতিবাদ জনায় বুধবাৰে কোকৰাঝাৰ ৰাসমেলা খেলপথাৰত সদৌ বিটিআৰ অপ্ৰাদেশীকৃত শিক্ষক এছোচিয়েছনৰ উদ্যোগত শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Non-provincialised school teachers protest) ৷ 'শিক্ষামন্ত্ৰী ৰণোজ পেগু হায়- হায়', 'বিজেপি চৰকাৰ হায়- হায়' ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী শিক্ষক সন্থাই ৷