কোকৰাঝাৰ, 18 জানুৱাৰী :বিটিআৰ এলেকাত বিগত দহ দিনে বন্ধ হৈ থকা শিল-বালিৰ কুৱেৰী আৰু শিল ভঙা মিল সমূহ অৱশেষত মঙলবাৰৰ পৰা মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে বিটিআৰৰ বন বিভাগে ৷ উল্লেখ্য যে, শিল-বালিৰ কুঁৱেৰী আৰু শিল ভঙা মিল সমূহ বন্ধ হৈ পৰাত চৰকাৰী-বেচৰকাৰী লগতে ব্যক্তিগত পৰ্যায়ৰ নিৰ্মাণ কাৰ্য প্ৰায় বন্ধ হৈ পৰিছিল ৷
বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ মন্তব্য সোমবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰ স্থিত বড়োলেণ্ড গেষ্ট হাউছত আয়োজিত এক সংবাদমেলত বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে শিল-বালিৰ কুঁৱেৰী তথা শিল ভঙা মিল মুকলিৰ এই অনুমতিৰ বিষয়ে সদৰি কৰে ৷ নিৰ্মাণ কাৰ্যত স্থবিৰতা আহি পৰাত তথা উন্নয়নমূলক নিৰ্মাণ কাৰ্য সম্পৰ্ণ কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লখ কৰি সেই বুলি কোনো ধৰণৰ আইন বিৰোধী খনন বা বনজ সম্পদ ভিত্তিক ব্যৱসায় চলাবলৈ দিয়া নহ'ব বুলি কাৰ্যবাহী সদস্য গৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷ তদুপৰি নিৰ্দিষ্ট হিচাপতকৈ এক ইঞ্চি অধিক হ’লেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷
লগতে পঢ়ক :2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে
আনপিনে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা এনডিএফবিৰ 25 সদস্যক মোকলাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথত বুলি সংবাদমেলত সদৰি কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে প্ৰাক্তন এনডিএফবি নেতা-কেডাৰৰ বিৰুদ্বে বিভিন্ন থানাত পঞ্জীয়নভুক্ত হৈ থকা গোচৰসমূহ অতি শীঘ্ৰে নিস্পত্তি হ'ব বুলি আশ্বাস দিয়ে ৷
এনডিএফবিৰ গোবিন্দ গোট আৰু ৰঞ্জন গোটৰ কেডাৰ সকলক প্ৰথম পৰ্যায়ত অৰ্থাৎ 20 ফেব্ৰুৱাৰীত সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লখ কৰি বাকী এনডিএফবি অৰ্থাৎ এডিএফবিৰ এছ গোটৰ কেডাৰ সকলক প্ৰশাসনিক কামকাজ সম্পন্ন হলে অহা ফেব্ৰুৱাৰী মাহত সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি ৰঞ্জিত বসুমতাৰীয়ে সদৰী কৰে ৷
উল্লেখ্য যে, বিটিআৰ এলেকাত এতিয়াও চোৰাং কাঠৰ বেহা চলি থকা বিষয়টো অকপটে স্বীকাৰ কৰি তাৰ ওপৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ আনহাতে, কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত উৰুকাৰ দিনা সংঘটিত হোৱা বন বেদখলৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি এয়া কোনো ৰাজনৈতিক দলৰ প্ৰৰোচনাত সংঘটিত হোৱা ঘটনা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷
লগতে পঢ়ক :ঠেটুৱে ধৰা জাৰত কঁপিছে মহানগৰবাসী