বাক্সা, 27 জানুৱাৰী :বুধবাৰে বিটিআৰ শান্তি চুক্তিৰ এবছৰ সম্পূৰ্ণ হ'ল । ইতিমধ্যে, বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী প্ৰমোদ বড়োৰ নেতৃত্বত গঠন হোৱা বিটিআৰ পৰিষদে অতি উলহ-মালহেৰে কোকৰাঝাৰত পালন কৰিছে বিটিআৰ শান্তি চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ।
অনুষ্ঠানত উপস্থিত থকা ব্যক্তিৰ মন্তব্য আনহাতে, এনডিএফবিক মুল সুঁতিলৈ ঘুৰাই অনাৰ বাবে যি শান্তি চুক্তিৰ জৰিয়তে বিটিআৰ পাবলৈ সক্ষম হল সেই সকল এনডিএফবিৰ চাৰিওটা গোটে আজি বিটিআৰ শান্তি চুক্তি বিৰোধ কৰা পৰিলক্ষিত হ'ল । বাক্সা জিলাৰ তামুলপুৰৰ মটঙা পাৰত থকা পাৰ্কত এনডিএফবিৰ চাৰিওটা গোটে নিজাববীয়াকৈ প্ৰথম অধিবেশন পালন কৰি বিটিআৰ চুক্তিৰ কৰিলে বিৰোধিতা কৰিলে ।
লগতে পঢ়ক :73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও
অভিযোগ অনুসৰি, বিটিআৰ চুক্তিয়ে আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে ৷ চুক্তিৰ সময়ত এনডিএফবিৰ আটাইকেইটা গোটক একেলগে বহুৱাই আলোচনা কৰিব দিয়া হোৱা নাছিল বুলিও অভিযোগ উত্থাপন কৰে । সশস্ত্ৰ সংগ্ৰাম কৰা এনডিএফবিৰ যি উদ্দেশ্য আছিল সেয়া বিটিআৰ চুক্তিয়ে পূৰণ কৰিব নোৱাৰে আৰু সেয়ে বিটিআৰ চুক্তি পুনৰীক্ষণ কৰিব লাগে বুলিও দাবী উত্থাপন কৰে এনডিএফবিৰ নেতা ধীৰেন বড়োই । লগতে বিটিআৰ চুক্তিয়ে বড়ো জনগোষ্ঠীৰ লগতে আন জাতি-জনগোষ্ঠীৰ লোকৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য ধীৰেন বড়োৰ ।
উল্লেখ্য যে, কোকৰাঝাৰত চৰকাৰীভাৱে বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বিপৰীতে বাক্সা জিলাৰ তামুলপুৰত দিনযোৰা কাৰ্যসূচীৰে এনডিএফবিৰ চাৰিটা গোটে পালন কৰিলে বৰ্ষপূতি অনুষ্ঠান ৷
লগতে পঢ়ক :হঠাৎ শক্তিশালী অগপ : ‘বিগ ব্ৰাডাৰ’ বিজেপিলৈ কিহৰ ইংগিত?